
নতুন দিল্লী, ২২ জুন (হি.স.)। মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে গুজৰাটৰ পাঁচটা ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই টি আই)ত এডভান্সড মেনুফেকচাৰিং লেব (এ ডি এম এল) স্থাপন কৰিব।
সোমবাৰে মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেডে এক বিবৃতিত কয় যে গুজৰাট চৰকাৰৰ নিয়োগ আৰু প্ৰশিক্ষণ সঞ্চালকালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। এই এডভান্সড মেনুফেকচাৰিং লেব (এএমএল)সমূহ পালানপুৰ, ভৱনগৰ, সুৰেন্দ্ৰনগৰ, গোধৰা, আৰু দহোদৰ আইটিআইসমূহত স্থাপন কৰা হ’ব।
যাত্ৰীবাহী গাড়ী নিৰ্মাতা কোম্পানী এমএছআইএলৰ জ্যেষ্ঠ কাৰ্যবাহী বিষয়া (কৰ্পৰেট পৰিক্ৰমা) ৰাহুল ভাৰতীয়ে কয় যে, এডভান্সড মেনুফেকচাৰিং লেবৰ জৰিয়তে আমি ছাত্ৰ-ছাত্ৰীসকলক আধুনিক সঁজুলিৰ ব্যৱহাৰৰ ব্যৱহাৰিক শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰিম। ইয়াৰ ফলত এনে পেছাদাৰী সৃষ্টি হ'ব যিয়ে বিকশিত অটোমোটিভ পৰিৱেশত নিৰৱচ্ছিন্নভাৱে কাম কৰিব পাৰিব।
মাৰুতি চুজুকি ইণ্ডিয়াই বৰ্তমান সমগ্ৰ দেশতে ৩১টা উৎপাদন সম্পৰ্কীয় আই টি আইক সমৰ্থন কৰে। কোম্পানীটোৱে সমগ্ৰ দেশতে ১৮টা এএমএল স্থাপন কৰিছে। গুজৰাটত পাঁচটা নতুন এএমএল সংযোজনৰ লগে লগে এমএছআইএলে গুজৰাট, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, মধ্যপ্ৰদেশ, পঞ্জাৱ, চণ্ডীগড়কে ধৰি সাতখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ২৩টা এএমএল চলাব।
ঘৰুৱা যাত্ৰীবাহী বাহনৰ বজাৰত ইয়াৰ বজাৰ অংশীদাৰিত্ব প্ৰায় ৪০%। জাপানী কোম্পানী চুজুকি মটৰ কৰ্পৰেশ্যনৰ এই সহযোগী কোম্পানীটোৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। মাৰুতি চুজুকি ইণ্ডিয়া লিমিটেড সুলভ মূল্যৰ, নিৰ্ভৰযোগ্য, আৰু ইন্ধন-দক্ষ বাহন নিৰ্মাণৰ বাবে পৰিচিত।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ