
লগতে চোৰ কৰি লৈ গ'ল CCTV সংযোগী কম্পিউটাৰ, পানীৰ মটৰ আৰু তাঁতশালত ব্যৱহিত সামগ্ৰী।
শিৱসাগৰ, ২২ জুন (হি.স.): শিৱসাগৰৰ চেৰেকাপাৰত নৱ নিৰ্মিত সদৌ টাই আহোম ছাত্র সন্থা (আটাছু)ৰ ছ্যুকাফা ভৱনত দুস্কৃতিকাৰীয়ে ঊপদ্ৰৱ চলায় । লগতে চুৰ কৰি লৈ যায় পানী উঠোৱা মটৰ, কম্পিউটাৰৰ লগতে লণ্ড ভণ্ড কৰে ভৱনটোৰ সা-সামগ্ৰী৷ আৰু কাটি পেলাই বিদ্যুৎ সংযোগী তাঁৰ সমূহ।
এই সন্দৰ্ভত ইতিমধ্যেই চেৰেকাপাৰ আৰক্ষী চকীত দাখিল কৰা হৈছে এজাহাৰ ৷ টাই আহোম উন্নয়ন পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে এই ছ্যুকাফা ভৱন ৷ প্ৰায় ১ কোটি ২৮ লাখ টকাৰে নিৰ্মিত এই ভৱনটো শুভ উদ্বোধন কৰিছিল মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে নাজিৰা সমষ্টিৰ বৰ্তমানৰ বিধায়ক ময়ূৰ বৰগোঁহাইয়ে । এই ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় চেৰেকাপাৰ আৰক্ষীক দুস্কৃতিকাৰী সকলক কৰায়ক্ত কৰিবলৈ দাবী জনাইছে লোকসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ