মংগোলিয়া আৰু দক্ষিণ কোৰিয়া ভ্ৰমণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
নতুন দিল্লী, ২২ জুন (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অহা ২২ জুনৰ পৰা ২৫ জুনলৈ মংগোলিয়া আৰু দক্ষিণ কোৰিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ গ্ৰহণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে এয়া সদৰি কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ২২ আৰু
EAM Dr.S Jaishankar


নতুন দিল্লী, ২২ জুন (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অহা ২২ জুনৰ পৰা ২৫ জুনলৈ মংগোলিয়া আৰু দক্ষিণ কোৰিয়ালৈ আনুষ্ঠানিক ভ্ৰমণ গ্ৰহণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে এয়া সদৰি কৰে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ২২ আৰু ২৩ জুনত মংগোলিয়া ভ্ৰমণ কৰিব । এই ভ্ৰমণৰ সময়ত তেওঁ মংগোলিয়াৰ নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিব আৰু সমকক্ষ বৈদেশিক মন্ত্ৰী বি বাটচেচেগৰ সৈতে আলোচনা কৰিব।

একেদৰে ২৪ আৰু ২৫ জুনত তেওঁ দক্ষিণ কোৰিয়া ভ্ৰমণো কৰিব । এই ভ্ৰমণৰ সময়ত তেওঁ দক্ষিণ কোৰিয়াৰ বৈদেশিক মন্ত্ৰী চ’ হ্যুনৰ সৈতে আলোচনা কৰিব । ২৫ জুনত জেজুত অনুষ্ঠিত হ'বলগীয়া শান্তি আৰু সমৃদ্ধিৰ বাবে জেজু মঞ্চতো তেওঁ মূল ভাষণ প্ৰদান কৰিব।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande