লক্ষ্ণৌৰ অগ্নিকাণ্ডক লৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু অমিত শ্বাহৰ শোক প্ৰকাশ
নতুন দিল্লী, ২২ জুন (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সোমবাৰে সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদ
লক্ষ্ণৌৰ অগ্নিকাণ্ডক লৈ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু অমিত শ্বাহৰ শোক প্ৰকাশ


নতুন দিল্লী, ২২ জুন (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত সোমবাৰে সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা প্ৰকাশ কৰাৰ লগতে শোক প্ৰকাশ কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰা এক বাৰ্তাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে লক্ষ্ণৌত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডত বহু লোকৰ প্ৰাণ হেৰুওৱাৰ খবৰটো গভীৰভাৱে দুখজনক। মৃতকৰ পৰিয়াললৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনেও এই ঘটনাক লৈ শোক প্ৰকাশ কৰি কয় যে লক্ষ্ণৌৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাই পেলোৱাটো গভীৰ মৰ্মান্তিক। তেওঁ নিহত পৰিয়ালক গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য লাভৰ বাবে প্ৰাৰ্থনা জনায়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ বাৰ্তাত লক্ষ্ণৌত সংঘটিত হোৱা অগ্নিকাণ্ডৰ দুৰ্ঘটনা গভীৰভাৱে দুখজনক আৰু বেদনাদায়ক বুলি কয়। এই দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পেলোৱা সকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰে। শ্বাহে শোকসন্তপ্ত পৰিয়ালসমূহক এই ক্ষতি সহ্য কৰিব পৰাকৈ শক্তি প্ৰদান কৰিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ মৃতকৰ পৰিয়াললৈ আৰু আহতসকলক ৫০ হাজাৰকৈ টকাকৈ এককালিন সহায়তা আগবঢ়ায় ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande