
গুৱাহাটী, ২২ জুন (হি.স.)। নীলাচল পাহাৰত অৱস্থিত দেশৰ অন্যতম শক্তিপীঠ মা কামাখ্যা মন্দিৰ চৌহদত অনুষ্ঠিত পৱিত্ৰ অম্বুবাচী মেলাৰ সোমবাৰে আধ্যাত্মিক পৰিৱেশত শুভাৰম্ভ হয়। পাণ্ডু প’ৰ্টত আয়োজিত এক অনুষ্ঠানত অসমৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে আনুষ্ঠানিকভাৱে মেলাৰ উদ্বোধন কৰে।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী নেওগে কয় যে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত প্ৰবৃত্তি আৰম্ভ হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ গৰ্ভগৃহৰ মুখ্য দুৱাৰ বন্ধ কৰা হ’ব। ২৬ জুনত নিবৃত্তিৰ পিছত বিশেষ পূজা-অৰ্চনা সম্পন্ন কৰি পুনৰ ভক্তসকলৰ দৰ্শনৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰা হ’ব। তেওঁ মেলালৈ আগতীয়াকৈ উপস্থিত হোৱা সাধু-সন্ত, তীৰ্থযাত্ৰী, ভক্ত আৰু দেশ-বিদেশৰ পৰ্যটকসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
মন্ত্ৰীগৰাকীয়ে কয় যে অম্বুবাচী মেলা কেৱল এটা ধৰ্মীয় অনুষ্ঠান নহয়, ই অসমৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্য, সাংস্কৃতিক বৈচিত্ৰ্য আৰু আতিথ্যৰ পৰম্পৰাৰ প্ৰতীক। প্ৰাচীন কালৰ পৰা অনুষ্ঠিত হৈ অহা এই মেলাই অসমৰ পৰ্যটন খণ্ডক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ পৰিচয় প্ৰদান কৰিছে বুলিও তেওঁ উল্লেখ কৰে।
তেওঁ জানিবলৈ দিয়ে যে ২০১৩ চনৰ পৰা পৰ্যটন বিভাগে ৰাজ্য চৰকাৰৰ সহযোগত অম্বুবাচী মেলাৰ আয়োজনত সক্ৰিয় ভূমিকা পালন কৰি আহিছে। প্ৰতি বছৰে লক্ষাধিক ভক্তই এই মেলাত অংশগ্ৰহণ কৰে। ২০২৪ আৰু ২০২৫ চনত প্ৰায় ৭.৫ লাখ লোক মেলাত অংশগ্ৰহণ কৰিছিল যদিও এইবাৰ ৮ লাখতকৈ অধিক লোকৰ সমাগম হোৱাৰ সম্ভাৱনা আছে।
শ্ৰদ্ধালু আৰু পৰ্যটকসকলৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা বুলিও মন্ত্ৰীগৰাকীয়ে কয়। যাতায়াত, বিশুদ্ধ খোৱাপানী, স্বাস্থ্যসেৱা, পৰিচ্ছন্নতা, নিৰাপত্তা আৰু তথ্য সহায়ক কেন্দ্ৰসমূহ অধিক শক্তিশালী কৰা হৈছে যাতে সকলো ভক্তই শান্তিপূৰ্ণ আৰু সুকলমে মেলাত অংশগ্ৰহণ কৰিব পাৰে।
মন্ত্ৰী নেওগে মেলাৰ সফল আয়োজনত সহযোগ আগবঢ়োৱা বিভিন্ন বেচৰকাৰী সংগঠনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক অতিথিসকলক আন্তৰিকভাৱে সেৱা-সত্কাৰ কৰি এই মহোৎসৱ সফল কৰিবলৈ সাধাৰণ জনতাক আহ্বান জনায়। অনুষ্ঠানত বিধায়ক বিজয় গুপ্তা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ জ্যেষ্ঠ বিষয়া, কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ প্ৰতিনিধি, সাধু-সন্ত আৰু অসংখ্য ভক্ত উপস্থিত থাকে।
------------
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ