মা-ভৰলীক সন্তুষ্ট কৰাৰ উদ্দেশ্যৰে পূজা অৰ্চনা বিধায়ক পদ্ম হাজৰিকাৰ
শোণিতপুৰ, ২২ জুন (হি.স.)। বাৰিষা সমাগত ৷ প্ৰতিটো বাৰিষাতেই কালৰূপ ধাৰণ কৰে জীয়াভৰলী নদীয়ে ৷ এই জীয়াভৰলী নদীৰ বুকুতেই নিঃশেষ হৈছে জামুগুৰিহাটৰ বহু ঐতিহ্যমণ্ডিত গাওঁ ৷ অতীজৰেপৰা এই মা-ভৰলীক সন্তুষ্ট কৰিবলৈ নদীপৰীয়া ৰাইজে পৰম্পৰাগতভাৱে আগবঢ়ায় আহিছে পূ
মা-ভৰলীক সন্তুষ্ট কৰাৰ উদ্দেশ্যৰে পূজা অৰ্চনা বিধায়ক পদ্ম হাজৰিকাৰ


শোণিতপুৰ, ২২ জুন (হি.স.)। বাৰিষা সমাগত ৷ প্ৰতিটো বাৰিষাতেই কালৰূপ ধাৰণ কৰে জীয়াভৰলী নদীয়ে ৷ এই জীয়াভৰলী নদীৰ বুকুতেই নিঃশেষ হৈছে জামুগুৰিহাটৰ বহু ঐতিহ্যমণ্ডিত গাওঁ ৷ অতীজৰেপৰা এই মা-ভৰলীক সন্তুষ্ট কৰিবলৈ নদীপৰীয়া ৰাইজে পৰম্পৰাগতভাৱে আগবঢ়ায় আহিছে পূজা-অৰ্চনা ৷ এই পূজা-অৰ্চনা আগবঢ়ায় জামুগুৰিহাটৰ মৰণাকুৰি চাপৰিত ৷

ভৰলী পৰীয়া কন্যকা কৃষি পামৰ গাতে লাগি থকা মা-ভৰলীক সন্তোষ্ট কৰিবলৈ ধৰ্মীয় ৰীতিনীতিৰে পূজা-অৰ্চনা কৰাত ব্যস্ত হৈ পৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ৷ নৈ পৰীয়া অঞ্চলৰ সুখ-শান্তি,কৃষিকৰ্মৰ শ্ৰীবৃদ্ধিৰ বাৱে এইদৰে বিধায়ক পদ্ম হাজৰিকাই শৰাই-শলিতা, নৈবদ্য আগবঢ়াই মা-ভৰলীৰ আৰ্শীৱাদ লোৱা দেখা গৈছে ৷

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande