আই আৰ জি চি কুডছ বাহিনীৰ মুৰব্বীৰ ইজৰাইলক সকীয়নী - দক্ষিণ লেবানন এৰক অন্যথা বাহিৰ কৰিব
তেহৰাণ, ২২ জুন (হি.স.)। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছ (আই আৰ জি চি)ৰ কুডছ ফৰ্চৰ মুৰব্বী এছমাইল কানীয়ে দক্ষিণ লেবাননত নিয়োজিত ইজৰাইলী বাহিনীক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে তেওঁলোকৰ হাতত মাত্ৰ দুটা বিকল্প আছে: স্বেচ্ছাই আঁতৰি যোৱা নহ’লে
आईआरजीसी की कुद्स फोर्स के प्रमुख इस्माइल कानी  (फाइल फाेटाे)


তেহৰাণ, ২২ জুন (হি.স.)। ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছ (আই আৰ জি চি)ৰ কুডছ ফৰ্চৰ মুৰব্বী এছমাইল কানীয়ে দক্ষিণ লেবাননত নিয়োজিত ইজৰাইলী বাহিনীক কঠোৰ সতৰ্কবাণী জাৰি কৰি কয় যে তেওঁলোকৰ হাতত মাত্ৰ দুটা বিকল্প আছে: স্বেচ্ছাই আঁতৰি যোৱা নহ’লে বলপূৰ্বক আৰু অপমানজনকভাৱে বহিষ্কাৰৰ সন্মুখীন হ’ব লাগিব।

ইৰাণৰ চৰকাৰী সংবাদ সংস্থা প্ৰেছটিভিৰ মতে, দেওবাৰে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা বাৰ্তাত ইছমাইল কানীয়ে ইজৰাইলী সৈন্যক হিব্ৰু ভাষাত সম্বোধন কৰি কয় যে যদিহে তেওঁলোকে দক্ষিণ লেবাননৰ পৰা আঁতৰি নাযায়, তেন্তে ২০০০ চনত ইজৰাইলে দীৰ্ঘদিনীয়া দখলৰ অন্তত লেবাননৰ পৰা আঁতৰি আহিবলগীয়া হোৱাৰ দৰেই পৰিস্থিতি পুনৰ উত্থাপন হ’ব পাৰে।

কানীয়ে কয়, যদি আপুনি স্বয়ং দক্ষিণ লেবানন এৰি নাযায়, তেন্তে পৰাজয় আৰু অপমানৰ সৈতে আপোনাক খেদি পঠিওৱা হ'ব। সিদ্ধান্ত আপোনাৰ হাতত।

শেহতীয়া সংঘৰ্ষৰ কথা উল্লেখ কৰি আই আৰ জি চিৰ অধিনায়কগৰাকীয়ে দাবী কৰে যে বিগত কিছুদিনত ইজৰাইলৰ সেনাবাহিনীৰ যথেষ্ট লোকচান হৈছে। তেওঁ উল্লেখ কৰে যে কম সময়ৰ ভিতৰতে বৃহৎ সংখ্যক ইজৰাইলী সৈনিক নিহত হৈছে।

লেবানন-ইজৰাইল সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে। ইৰাণৰ অভিযোগ যে ইজৰাইলে যুদ্ধবিৰতি চুক্তি উলংঘা কৰি লেবাননত সামৰিক অভিযান অব্যাহত ৰাখিছে।

ইফালে ইজৰাইলৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই হিজবুল্লাইও সামৰিক কাৰ্যকলাপ তীব্ৰতৰ কৰা বুলি দাবী কৰিছে। সংগঠনটোৱে জনোৱা মতে, যোৱা কিছুদিনত ইজৰাইলৰ কেইবাজনো সৈনিকক লক্ষ্য কৰি লৈছে।

ইফালে শেহতীয়াকৈ ইৰাণ আৰু আমেৰিকাৰ মাজত হোৱা কূটনৈতিক চুক্তিৰ পিছত লেবাননত সংঘাতৰ তীব্ৰতা হ্ৰাস পোৱাৰ আশাৰ সৃষ্টি হৈছিল। কিন্তু ইৰাণৰ বিষয়াসকলে কয় যে যদিহে যুদ্ধবিৰতি উলংঘা অব্যাহত থাকে তেন্তে আঞ্চলিক স্থিতিশীলতাৰ প্ৰতি গুৰুতৰ ভাবুকি আহিব পাৰে।

ইফালে ইজৰাইলৰ নেতৃত্বই ইংগিত দিছে যে দক্ষিণ লেবাননত নিজৰ নিৰাপত্তা নীতিৰ কোনো বৃহৎ পৰিৱৰ্তনৰ পক্ষত নহয়। ইজৰাইলৰ বিষয়াসকলে কয় যে সীমান্ত অঞ্চলত সামৰিক ব্যৱস্থা তেওঁলোকৰ নিৰাপত্তা স্বাৰ্থৰ সৈতে জড়িত।

বিশ্লেষকসকলৰ মতে দুয়োপক্ষৰ কঠোৰ বাক্যবাণে অঞ্চলটোত উত্তেজনা আৰু অধিক বৃদ্ধি কৰিব পাৰে, আনহাতে আন্তঃৰাষ্ট্ৰীয় সমাজে সংঘাত নিয়ন্ত্ৰণ আৰু স্থায়ী যুদ্ধবিৰতি নিশ্চিত কৰাৰ প্ৰচেষ্টাত লিপ্ত হৈছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande