
বঙাইগাঁও, ২২ জুন (হি.স.)। সাম্প্ৰতিক সময়ত ৰাজ্যৰ সৰ্বোত্ৰতে ধৰ্মীয় অসহিঞ্চুতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়তে বঙাইগাঁও জিলাৰ অভয়াপুৰীত হিন্দু লোকৰ মৃতদেহ মুছলমান লোকে কান্ধত কান্ধ মিলাই সৎকাৰ কাৰ্য সম্পন্ন কৰি প্ৰমাণ কৰি দেখুৱালে যে ধৰ্ম প্ৰধান নহয় মানৱতাহে শ্ৰেষ্ঠ । উক্ত ঘটনাটো সংঘটিত হৈছে সৃজনগ্ৰাম সমষ্টিৰ মুছলমান লোকৰ আধিপত্য থকা আমবাৰী-পাৰেৰচৰ গাঁৱত।
আমবাৰী-পাৰেৰচৰ গাঁৱৰ প্ৰতীক ভৌমিক নামৰ হিন্দু যুৱক এগৰাকীৰ মৃত্যুত আজি পুৱা পৰ্যন্ত গাঁৱৰে মুছলমান লোকসকলে হিন্দু যুৱকজনৰ হিন্দু ৰীতি-নিয়মেৰে ৰাজহুৱা শ্মাশানত সংকাৰ কৰা কাৰ্য্যই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু