ৰঙিয়াৰ হাৰিয়ানডাবত ৰাজহুৱা পুখুৰীত বিষ দি মাছ নিধন দূৰ্বৃত্তৰ
কামৰূপ, ২২ জুন (হি.স.)। ৰঙিয়াৰ হাৰিয়ানডাবত নিকৃষ্ট ঘটনা । ৰঙিয়াৰ হাৰিয়ানডাবত ৰাজহুৱা পুখুৰীত বিষ দি মাছ নিধন কৰিলে দূৰ্বৃত্তই । পানীত ভাহি উঠিছে মৰা মাছবোৰ। প্ৰায় তিনিলাখ টকাৰ মাছ নিধনক কেন্দ্ৰ কৰি হাৰিয়ানডাবত চাঞ্চল্য । ঘটনাস্থলীত উপস্থিত হৈ
ৰঙিয়াৰ হাৰিয়ানডাবত ৰাজহুৱা পুখুৰীত বিষ দি মাছ নিধন দূৰ্বৃত্তৰ


কামৰূপ, ২২ জুন (হি.স.)। ৰঙিয়াৰ হাৰিয়ানডাবত নিকৃষ্ট ঘটনা ।

ৰঙিয়াৰ হাৰিয়ানডাবত ৰাজহুৱা পুখুৰীত বিষ দি মাছ নিধন কৰিলে দূৰ্বৃত্তই ।

পানীত ভাহি উঠিছে মৰা মাছবোৰ।

প্ৰায় তিনিলাখ টকাৰ মাছ নিধনক কেন্দ্ৰ কৰি হাৰিয়ানডাবত চাঞ্চল্য ।

ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীৰ দল ।

কোনে কি কাৰণত পুখুৰীত বিষ দিলে তাক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ ।

এই ৰাজহুৱা পুখুৰী লীজত লৈছিল স্থানীয় নবজিত দাস নামৰ এজন যুৱকে ।

তিনি লক্ষাধিক টকাৰ মাছ এনেদৰে মৰি যোৱাত এতিয়া হাহাকাৰ লাগিছে বটাকুছিত উক্ত পৰিয়ালটোত ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande