
অভিনেত্ৰী হুমা কুৰেশ্বীৰ বহু প্ৰত্যাশিত ছবি বেবী ডো ডাই ডুৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। ৰহস্য, ৰোমাঞ্চ আৰু একচনেৰে ভৰা এই ছবিখনত হুমাই এক অনন্য আৰু প্ৰত্যাহ্বানমূলক চৰিত্ৰত অভিনয় কৰিছে। নাচিকেট সমান্তৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ প্ৰযোজক হুম কুৰেশ্বী আৰু তেওঁৰ ভাতৃ ছাকিব ছালিমে তেওঁলোকৰ বেনাৰ ছালিম চিবলিংছৰ অধীনত। ট্ৰেইলাৰৰ মুক্তিয়ে দৰ্শকৰ উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে।
ছবিখনত হুমাই বেবী কৰ্মকাৰ নামৰ এগৰাকী ৰহস্যময়ী মহিলা চুক্তি হত্যাকাৰীৰ চৰিত্ৰত অভিনয় কৰিছে, যি বধিৰ আৰু বোবা হোৱাৰ পিছতো অত্যন্ত বিপজ্জনক আৰু নিৰ্ভীক। ট্ৰেইলাৰৰ আৰম্ভণিতে দেশৰ প্ৰথমগৰাকী মহিলা হিটউমেনৰ পৰিচয় দিয়া হৈছে। ৰঙা ছাতিৰ আঁৰত লুকুৱাই থোৱা বন্দুক লৈ নিজৰ মিছনসমূহ সম্পন্ন কৰা বেবী কৰ্মকাৰৰ শৈলীয়ে দৰ্শকক মোহিত কৰে। হুমাৰ চৰিত্ৰটোৱে ৰহস্যময় যেন লাগিলেও কাহিনীটোৰ কুটিল উপস্থিতি আৰু অধিক বৃদ্ধি কৰে।
ছবিখনৰ ট্ৰেইলাৰত এনে এখন পৃথিৱীৰ আভাস পোৱা যায় য’ত প্ৰতিটো মোৰতে ৰহস্য আৰু বিপদে আত্মগোপন কৰে। কাহিনীটোত অপৰাধ, ছাচপেন্স, আৰু অপ্ৰত্যাশিত পৰিঘটনা আদিৰ বিষয়ে উল্লেখ কৰা হ’ব। ট্ৰেইলাৰৰ পৰা অনুমান কৰিব পাৰি যে ছবিখনে কেৱল এজন কন্ট্ৰেক্ট কিলাৰৰ কাহিনীয়েই নহয়, তেওঁৰ অতীত আৰু মিছনৰ সৈতে জড়িত বহু গোপনীয়তাও প্ৰকাশ কৰিব।
হুমা কুৰেশীৰ উপৰিও ছবিখনত ছাংকি পাণ্ডে, চিকন্দৰ খেৰ, সীমা পাহৱা, আৰু ৰচিত সিঙেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ টিজাৰ আৰু গীতে ইতিমধ্যে দৰ্শকৰ মাজত হুলস্থুলৰ সৃষ্টি কৰিছে। এতিয়া ট্ৰেইলাৰে ছবিখনক কেন্দ্ৰ কৰি উত্তেজনা আৰু অধিক বৃদ্ধি কৰিছে। ৩ জুলাইত ছবিগৃহত মুক্তি পাব বেবী ডু ডাই ডু।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ