ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায়
গুৱাহাটী ২২ জুন (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে যি অর্থনৈতিক পুনৰুত্থানৰ সাক্ষী হৈছে, সেয়াই প্ৰমাণ কৰিছে ৰাজ্য খনৰ উন্নয়ন যাত্ৰাৰ এক যুগান্তকাৰী পৰিৱৰ্তন। প্রগতিশীল নীতি-নিৰ্ধাৰণ, প্রতিষ্ঠানগত সংস্কাৰ, আন্তঃগাঁথনিৰ ব্যাপক
ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ অৰ্থনৈতিক বিকাশৰ নতুন অধ্যায়


গুৱাহাটী ২২ জুন (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমে যি অর্থনৈতিক পুনৰুত্থানৰ সাক্ষী হৈছে, সেয়াই প্ৰমাণ কৰিছে ৰাজ্য খনৰ উন্নয়ন যাত্ৰাৰ এক যুগান্তকাৰী পৰিৱৰ্তন। প্রগতিশীল নীতি-নিৰ্ধাৰণ, প্রতিষ্ঠানগত সংস্কাৰ, আন্তঃগাঁথনিৰ ব্যাপক সম্প্ৰসাৰণ আৰু বিশ্ব অর্থনীতিৰ সৈতে সক্রিয় সম্পৃক্ততাৰ জৰিয়তে অসমে সকলো প্রত্যাহ্বান অতিক্রম কৰি ভাৰতৰ পূৰ্বাঞ্চলৰ এক গুৰুত্বপূৰ্ণ বিকাশ কেন্দ্ৰ হিচাপে আত্মপ্রকাশ কৰিবলৈ সক্ষম হৈছে।

আজি অসম উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ চালিকাশক্তি, দেশৰ অৰ্থনীতিত এক উল্লেখযোগ্য অৱদানকাৰী আৰু বিনিয়োগ, উদ্ভাৱন আৰু উদ্যোগৰ এক উদীয়মান কেন্দ্ৰ হিচাপে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিসৰত স্বীকৃতি লাভ কৰিছে। আজি সংবাদ মাধ্যমক এইদৰে মন্তব্য প্রকাশ কৰে বিজেপি অসম প্রদেশৰ মুখপাত্র ড০ জাফ্রীন মেহজাবিনে।

তেও কয় যে, এডভানটেজ অসম ২.০ ৰ পূৰ্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জাপান, ছিংগাপুৰকে ধৰি একাধিক বিশ্ব অর্থনৈতিক কেন্দ্রত বিনিয়োগ প্ৰচাৰ অভিযান চলাই আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰী, উদ্যোগপতি আৰু কূটনৈতিক মহলৰ সৈতে বিস্তৃত আলোচনা কৰে। এই প্রচেষ্টাই অসমৰ কৌশলগত অৱস্থান, প্রাকৃতিক সম্পদ, উন্নত আন্তঃগাঁথনি, দক্ষ মানৱ সম্পদ আৰু বিনিয়োগ-অনুকূল শাসন ব্যৱস্থাক বিশ্বৰ আগত সফলভাৱে উপস্থাপন কৰিবলৈ সক্ষম হয়।

তেওঁ উল্লেখ কৰে যে এই প্রচেষ্টাৰ অন্যতম উল্লেখযোগ্য ফলাফল হৈছে অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় সংঘভুক্ত দেশসমূহে অসমৰ অধিকাংশ অঞ্চলৰ ক্ষেত্ৰত পূৰ্বৰ ভ্ৰমণ সতর্কতা শিথিল কৰা। তেওঁৰ মতে, ই কেৱল ভ্রমণ নীতিৰ পৰিৱৰ্তন নহয়, বৰং অসমৰ উন্নত আইন-শৃংখলা, ৰাজনৈতিক স্থিৰতা, সুশাসন আৰু অৰ্থনৈতিক সম্ভাৱনাৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় আস্থাৰ এক শক্তিশালী স্বীকৃতি। ইয়াৰ ফলত পর্যটন, বৈদেশিক বিনিয়োগ, আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সম্পৰ্ক আৰু কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী হ'ব।

তেও কয় যে এডভাণ্টেজ অসম ২.০ অনুসৰি ৫.১৮ লাখ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্রুতি লাভ কৰিছিল। ইয়াৰ ভিতৰত ২,৮১,৬২১ কোটি টকাৰ ২৯৬ খন বুজাবুজি চুক্তি আৰু অসমৰ ৩৫ খন জিলাত ২,৫৯২ খন এমএছএমই চুক্তিৰ জৰিয়তে ৬,৭৭৪ কোটি টকাৰ বিনিয়োগ অন্তর্ভুক্ত হৈছে। ফেব্ৰুৱাৰী ২০২৫ ৰ পৰা মার্চ ২০২৬ লৈকে এই বিনিয়োগৰ গতি বিভিন্ন কৌশলগত খণ্ডত স্পষ্টভাৱে প্রতিফলিত হৈছে।

বিদ্যুৎ খণ্ডত ৯৭,৮৪০ কোটি, আন্তঃগাঁথনি উন্নয়নত ৫৫,৫৭২ কোটি, হাইড্ৰ'কাৰ্বন আৰু পেট্র'কেমিকেল খণ্ডত ৪৪,৯৪৮ কোটি, উৎপাদন খণ্ডত ২৬,৭৭৯ কোটি আৰু খনি আৰু খনিজ সম্পদ খণ্ডত ৫,৩৫৩ কোটি টকাৰ বিনিয়োগ প্রতিশ্রুতি লাভ হৈছে। ইয়াৰ উপৰিও ইলেক্ট্রনিকছ আৰু তথ্য প্রযুক্তি, এৰোস্পেচ আৰু ডিফেঞ্চ মেনুফেকচাৰিং, পর্যটন, স্বাস্থ্যসেৱা, খাদ্য প্রক্রিয়াকৰণ, দক্ষতা বিকাশ আৰু বস্ত্ৰ উদ্যোগত উল্লেখযোগ্য বিনিয়োগকাৰীৰ আগ্রহ পৰিলক্ষিত হৈছে।

তেও পুনৰ কয় যে সন্মিলনৰ মাত্র ৩০০ দিনৰ ভিতৰতে প্রায় ২ লাখ কোটি টকাৰ প্রকল্প বিভিন্ন স্তৰত ৰূপায়ণৰ দিশে আগবাঢ়িছে, আৰু ১.২১ লাখ কোটি টকাৰ ৭০ টা প্ৰকল্পৰ ভূমিপূজন সম্পন্ন হৈছে। ই অসমৰ শিল্প ইতিহাসত বিনিয়োগক বাস্তৱায়নত ৰূপান্তৰিত কৰাৰ এক নজিৰবিহীন দৃষ্টান্ত।

তেওঁ কয় যে অসমৰ শিল্প নীতিয়ে অন্তর্ভুক্তিমূলক উন্নয়নক অগ্রাধিকাৰ দিয়ে। ১০০ কোটিৰ অধিক বিনিয়োগ আৰু ২০০১ অধিক স্থানীয় যুৱক-যুৱতীক নিযুক্তি দিয়া উদ্যোগসমূহক চৰকাৰে পথ, বিদ্যুৎ আৰু পানী যোগানৰ দৰে মৌলিক আন্তঃগাঁথনি সহায়তা প্রদান কৰে, যাৰ ফলত স্থানীয় জনসাধাৰণেও প্রত্যক্ষভাবে লাভান্বিত হয়।

এমএছএমই খণ্ডৰ অগ্ৰগতিৰ কথা উল্লেখ কৰি তেও কয় যে ২০২০ চনত ৯,৩৭১ টা থকা উদ্যম পঞ্জীয়ন ২০২৪ চনত ২.৮৫ লাখ অতিক্ৰম কৰিছে, যি প্রায় ৩০ গুণ বৃদ্ধি। বর্তমান ১২.৭৫ লাখতকৈ অধিক এমএছএমই উদ্যম পর্টেলত পঞ্জীয়নভুক্ত। ২০২৫ চনৰ ৩১ মার্চ পর্যন্ত এমএছএমই খণ্ডলৈ ৩০,৭৭৩.৫৮ কোটি টকাৰ ঋণ সহায়তা আগবঢ়োৱা হৈছে আৰু বিগত চাৰি বিত্তীয় বছৰত ৯০,০০০ কোটিতকৈ অধিক ঋণ বিতৰণ কৰা হৈছে।

তেওঁ লগতে কয় যে এছআইডিবিআইৰ সহযোগত ৰূপায়িত অসম ঋণ গেৰান্টি আঁচনিয়ে ২০২৪-২৫ বর্ষত ৭৫,৭৪৭ টা এমএছএমই লৈ ৬,৪৩৬ কোটি টকাৰ ঋণ সহায়তা আগবঢ়াইছে। আনহাতে উন্নতী আঁচনিৰ অধীনত ১৯৯ টা উদ্যোগ অনুমোদিত হৈছে, যাৰ সম্ভাব্য বিনিয়োগ ৫,০৬৭.৩৩ কোটি। প্রধানমন্ত্রী বিশ্বকর্মা আঁচনিৰ অধীনত ১,১৮,৮৬১ জন শিল্পীক প্রমাণপত্র প্ৰদান কৰাৰ লগতে ১২৫.৩৪ কোটি টকাৰ ঋণ বিতৰণ কৰা হৈছে।

তেও কয় যে জাগীৰোডস্থিত টাটা ছেমিকণ্ডাক্টৰ অএছএটি প্রকল্পক অসমৰ শিল্প বিকাশৰ এক যুগান্তকাৰী মাইলৰ খুঁটি হিচাপে অভিহিত কৰা হৈছে। প্রায় ২৭,০০০ কোটি টকাৰ এই প্রকল্পই ১৫,০০০ প্রত্যক্ষ আৰু ১৫,০০০ পৰোক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব। ইয়াৰ উপৰিও ১৪,৬০৩ কোটি টকাৰ ২৮ টা বৃহৎ শিল্প প্রস্তাৱে ২০,০০০ ৰ অধিক নতুন নিযুক্তি সৃষ্টি কৰাৰ সম্ভাৱনা বহন কৰিছে।

তেও কয় যে অসমৰ পৰিৱৰ্তন কেৱল বিনিয়োগ বা অর্থনৈতিক সূচকৰ মাজতেই সীমাবদ্ধ নহয়; বৰং ৰাজ্যখনক লৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ধাৰণাৰ মৌলিক পৰিৱৰ্তন ঘটিছে। বিনিয়োগকাৰীৰ আস্থা, আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি, দ্রুত শিল্পায়ন আৰু ফলপ্রসূ নীতি ৰূপায়ণে অসমক দীর্ঘম্যাদী বিনিয়োগ, উদ্যোগ আৰু উদ্ভাৱনৰ এক বিশ্বাসযোগ্য গন্তব্যস্থান হিচাপে প্রতিষ্ঠা কৰিছে।

তেওঁ কয় যে এডভাণ্টেজ অসম ২.০ ৰ সাফল্য, বিশ্বজুৰি অংশীদাৰসকলৰ বৰ্ধিত সম্পৃক্ততা আৰু অসমৰ আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক নেটৱৰ্কৰ সৈতে ক্রমবর্ধমান সংযোগে এক নতুন উন্নয়ন মডেলৰ সূচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক শক্তিকেন্দ্ৰ হিচাপে নিজৰ স্থান সুদৃঢ় কৰাৰ লক্ষ্যত এক গুৰুত্বপূৰ্ণ অৱদান আগব

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande