
নতুন দিল্লী, ২২ জুন (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে চাৰিদিনীয়া বিদেশ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত সোমবাৰে মংগোলিয়াত উপস্থিত হয়। ইয়াত তেওঁক আদৰণি জনায় মংগোলিয়াৰ বৈদেশিক সচিব মুংকতুছিগ ইলখানাজাভে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, মংগোলিয়াত উপস্থিত হৈ আনন্দিত। মংগোলিয়াৰ বৈদেশিক সচিব মুংকটুছিগ ইলখানাজাভে আগবঢ়োৱা উষ্ম আদৰণিৰ বাবে ধন্যবাদ। বিশেষ অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে অৰ্থপূৰ্ণ আলোচনাৰ আশা প্ৰকাশ কৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে ২২ আৰু ২৩ জুনত ড° জয়শংকৰে মংগোলিয়া ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ মংগোলীয় নেতৃত্বৰ সৈতে সাক্ষাৎ কৰিব আৰু সমকক্ষ বৈদেশিক মন্ত্ৰী বি বাটচেচেগৰ সৈতে আলোচনা কৰিব।
ইয়াৰ পিছত ২৪ আৰু ২৫ জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে দক্ষিণ কোৰিয়ালৈ যাত্ৰা কৰিব। তাত তেওঁ বৈদেশিক মন্ত্ৰী চ’ হ্যুনৰ সৈতে আলোচনাত মিলিত হ’ব আৰু ২৫ জুনত জেজুত অনুষ্ঠিত হ’বলগীয়া জেজু ফ'ৰাম ফৰ পিছ এণ্ড প্ৰস্পেৰিটিত মূল ভাষণ প্ৰদান কৰিব।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ