
চিৰাঙ, ২২ জুন (হি.স.)। অসমৰ আৱকাৰী বিভাগৰ ইতিহাসত বৃহৎ অভিযান।
চিৰাঙৰ বাসুগাঁও চহৰৰ সমীপৰ ভুটীয়াপাৰাত আৱকাৰী বিভাগৰ অভিযান অব্যাহত।
কালি নিশাৰ পৰা আৱকাৰী বিভাগে চলাই থকা অভিযানত আজি ভুটীয়াপাৰা স্থিত বিজেপি নেতা তথা প্ৰাক্তন ভিচিডিচি সভাপতি সঞ্জীত দেৱনাথৰ বাসগৃহৰ পিছপিনে থকা বনাঞ্চলত বিভিন্ন ব্ৰেণ্ডৰ কেইবা লাখ নকল বিলাতী সুৰাৰ খালি বটল, কাৰ্টন আৰু নকল সুৰাৰ বটল উদ্ধাৰ কৰে ।
উল্লেখ্য যে অসমত আৱকাৰী বিভাগৰ অভিযানৰ ইতিহাসত লাখে লাখে বিলাতী সুৰা বটল উদ্ধাৰ কৰাৰ নজিৰ নায়।
কালি নিশা সঞ্জীত দেৱনাথৰ সহযোগী দীপক দেৱনাথৰ বাসগৃহৰ পৰা বিলাতী সুৰা প্ৰস্তুত কৰা বটলিং মেচিন সহ কেচাঁ সামগ্ৰী জব্দ কৰিছিল আৱকাৰী বিভাগে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা