
শ্রীভূমি, ২২ জুন (হি.স.)। অসমৰ শ্রীভূমি (কৰিমগঞ্জ) জিলাৰ অন্তর্গত একটি অন্যতম কালীগঞ্জ মীৰপাৰাত এক অঘটন সংঘটিত হৈছে। গৰু আনিব গৈ পানীত পৰি মৃত্যু হয় কালীগঞ্জ মিৰাপাৰা গাঁৱৰ ১১ বছৰৰ ছাব্বিৰ উদ্দিন নামৰ কিশোৰজনৰ ।
জানিব পৰামতে, যোৱা কালি সন্ধিয়া ছাব্বিৰ উদ্দিন নামৰ কিশোৰজনে কালীগঞ্জৰ কুতুবটিলা এলেকাৰ পৰা গৰু আনিব গৈছিল । কিন্তু নিদৃষ্ঠ সময়ৰ পাছত উভতি নাহাৰ বাবে পৰিয়ালৰ লোকে শিশুটিক বিচাৰ খোচাৰ কৰে । প্ৰায়বোৰ ঠাইত পানী থকাত শিশুটিৰ পানীত ডুবি মৃত্যু হয় । শিশুটিৰ মৃত্যুৰ ঘটনাত শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু