
নতুন দিল্লী, ২২ জুন (হি.স.)। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ই দেওবাৰে ১.২৫ কোটি টকাৰ বেংক জালিয়াতিৰ গোচৰত পলাতক বুলি ঘোষণা কৰা দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ বৃজভূষণ প্ৰসাদ আৰু কৰতাৰ সিঙৰ নামৰ লোক দুজনৰ বিৰুদ্ধে ২০০২ চনৰ নৱেম্বৰৰ পৰা ২০০৫ চনৰ জুন মাহৰ ভিতৰত ঝাৰখণ্ডৰ ধনবাদস্থিত ভাৰতীয় ষ্টেট বেংকৰ মূল শাখাত ১,২৫,৪৭,৯৫০ টকা প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে ।
চিবিআইয়ে উল্লেখ কৰে যে তদন্তৰ সময়ত অভিযুক্ত দুজনে নেপাললৈ পলায়ন কৰে, তাৰ পিছত আদালতে তেওঁলোকক পলাতক বুলি ঘোষণা কৰে আৰু তেওঁলোকৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰি কৰে। দেওবাৰে দুটা পৃথক অভিযানত গ্ৰেপ্তাৰ কৰে অভিযুক্ত দুজনক। সংস্থাটোৱে জনোৱা মতে, মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ কোপাৰগাঁৱৰ পৰা ব্রিজভূষণ প্ৰসাদক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে ছত্তীশগড়ৰ ৰায়পুৰৰ পৰা কৰতাৰ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে।
সংস্থাটোৱে জনোৱা মতে, ২০০২ চনৰ নৱেম্বৰৰ পৰা ২০০৫ চনৰ জুন মাহৰ ভিতৰত এই জালিয়াতিৰ সন্দৰ্ভত ২০০৫ চনৰ আগষ্ট মাহত চিবিআইয়ে ১,২৫,৪৭,৯৫০ টকাৰ গোচৰ ৰুজু কৰিছিল।তদন্তৰ সময়ত দুয়োজন অভিযুক্তই দেশ এৰি নেপাললৈ পলায়ন কৰিবলৈ সক্ষম হয়। ইয়াৰ পিছত সংস্থাটোৱে তদন্ত অব্যাহত ৰাখিছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰা তথ্যৰ বাবে ২৫ হাজাৰ টকাকৈ পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰে। অহৰহ প্ৰচেষ্টা, কাৰিকৰী তথ্য, নিখুঁত তদন্ত আৰু সংস্থাটোৰ একত্ৰিত ব্যৱস্থাৰ ভিত্তিত দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।
চিবিআইয়ে উল্লেখ কৰিছে যে এই গোচৰৰ তদন্ত অব্যাহত আছে। দুয়োজন অভিযুক্তক যোগ্য আদালতত হাজিৰ কৰা হ’ব।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ