ব্ৰিটেইনত ৰাজনৈতিক সংকট গভীৰ, প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰৰ পদত্যাগৰ জল্পনা-কল্পনা তীব্ৰতৰ
লণ্ডন, ২২ জুন (হি.স.)। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ পদত্যাগ সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লেবাৰ পাৰ্টিৰ ভিতৰত ক্ৰমাৎ বৃদ্ধি পোৱা অসন্তুষ্টি আৰু তেওঁৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে ষ্টাৰমাৰে
ब्रिटेन के प्रधानमंत्री कीर स्टारमर  (फाइल फाेटाे)


লণ্ডন, ২২ জুন (হি.স.)। ব্ৰিটিছ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰৰ পদত্যাগ সন্দৰ্ভত জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লেবাৰ পাৰ্টিৰ ভিতৰত ক্ৰমাৎ বৃদ্ধি পোৱা অসন্তুষ্টি আৰু তেওঁৰ নেতৃত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ মাজতে ষ্টাৰমাৰে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা বিবেচনা কৰিছে। কিন্তু চৰকাৰে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰীয়ে বৰ্তমান ৰাষ্ট্ৰীয় শাসন আৰু নীতিগত বিষয়ত মনোনিৱেশ কৰিছে ।

ব্ৰিটিছ বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সংসদীয় উপ-নিৰ্বাচনত জয়ী হৈ সংসদত প্ৰৱেশ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ নেতৃত্বক কেন্দ্ৰ কৰি সংকট আৰু অধিক গভীৰ হৈ পৰে। বাৰ্নহামক দীৰ্ঘদিন ধৰি লেবাৰ পাৰ্টিৰ ভিতৰত এজন প্ৰভাৱশালী নেতা হিচাপে গণ্য কৰা হৈছে আৰু তেওঁক ষ্টাৰমাৰৰ সম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে দেখা গৈছে।

সূত্ৰ অনুসৰি, ১০০ জনতকৈ অধিক লেবাৰ সাংসদে ৰাজহুৱাভাৱে ষ্টাৰমাৰক পদত্যাগ কৰিবলৈ বা পদত্যাগ কৰাৰ সময়সীমা ঘোষণা কৰিবলৈ আহ্বান জনাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কেবিনেট মন্ত্ৰী, দলৰ উপদেষ্টা, ট্ৰেড ইউনিয়নৰ নেতাৰ সৈতে আলোচনাৰ অন্তত ষ্টাৰমাৰে এই সিদ্ধান্তত উপনীত হৈছে যে তেওঁৰ কাৰ্যকাল অব্যাহত ৰখাটো ক্ৰমান্বয়ে কঠিন হৈ পৰিছে।

অৱশ্যে শুকুৰবাৰে ষ্টাৰমাৰে স্পষ্ট কৰি দিয়ে যে যদিহে নেতৃত্বৰ প্ৰত্যাহ্বানৰ সৃষ্টি হয় তেন্তে তেওঁ নেতৃত্বৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। লগতে দলৰ নেতাসকলক আভ্যন্তৰীণ সংঘাতৰ পৰা আঁতৰি থাকিবলৈ আৰু একত্ৰিত হৈ থাকিবলৈ আহ্বান জনায়।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিক ভূমিস্খলনমূলক জয়ৰ নেতৃত্ব দিয়া ষ্টাৰমাৰে যোৱা কেইমাহমানত অসংখ্য বিতৰ্ক, নীতি পৰিৱৰ্তন আৰু ক্ৰমাৎ অৰ্থনৈতিক প্ৰত্যাহ্বানৰ বাবে সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বৃদ্ধি পোৱা মুদ্ৰাস্ফীতি, জনসেৱাৰ অৱস্থা, অবৈধ অনুপ্ৰৱেশ আদি বিষয়ত চৰকাৰৰ কাম-কাজৰ ওপৰত জনসাধাৰণৰ অসন্তুষ্টি বাঢ়িছে।

ইফালে বাৰ্নহামে নিৰ্বাচনী জয়ৰ পিছত দেশখনৰ বাবে “নতুন দিশ”ৰ প্ৰতিশ্ৰুতি দিছে। যদিও তেওঁ এতিয়াও আনুষ্ঠানিকভাৱে নেতৃত্বৰ প্ৰত্যাহ্বান ঘোষণা কৰা নাই, তথাপিও তেওঁৰ সমৰ্থকসকলে ষ্টাৰমাৰক স্বেচ্ছাই পদত্যাগ কৰিবলৈ আহ্বান জনাইছে।

প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী ৱেছ ষ্ট্ৰীটিঙেও প্ৰয়োজন হ’লে নেতৃত্বৰ দৌৰত প্ৰৱেশ কৰিব পাৰে বুলি ইংগিত দিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে যদি ষ্টাৰমাৰে পদত্যাগ কৰে বা অপসাৰণ কৰে তেন্তে বিগত দশকত ব্ৰিটেইনৰ সপ্তমজন প্ৰধানমন্ত্ৰী হ’ব পাৰে। ইয়াৰ ফলত দেশৰ ৰাজনীতিত অস্থিৰতা আৰু নেতৃত্বৰ সংকটৰ সন্দৰ্ভত নতুন বিতৰ্কৰ সূচনা হ’ব পাৰে।

ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ছ’চিয়েল মিডিয়াত দাবী কৰে যে ষ্টাৰমাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব পাৰে। অৱশ্যে ব্ৰিটিছ চৰকাৰে এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু ট্ৰাম্পৰ মাজত কোনো আলোচনা হোৱা নাই বুলি উল্লেখ কৰিছে।

এতিয়া সমগ্ৰ দেশৰ দৃষ্টি নিবদ্ধ হৈ আছে ষ্টাৰমাৰ নিজৰ পদত থাকিব নে লেবাৰ পাৰ্টিৰ নেতৃত্ব পৰিৱৰ্তনৰ পথ মুকলি হ’বলৈ ওলাইছে।------------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande