বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ জালত দুই গভাইত গৰু চোৰ
বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ বৃহৎ সফলতা।
বৰপেটাৰ তাৰাবাৰী আৰক্ষীৰ জালত দুই গভাইত গৰু চোৰ


বৰপেটা, ২২ জুন (হি.স.): বৰপেটাৰ তাৰাবাৰী আৰক্ষীয়ে যোৱা কালি দেওবাৰে বিয়লি বৃহৎ সফলতা লাভ কৰে । আৰক্ষীৰ জালত পৰে দুই গভাইত গৰু চোৰ । বাক্কাৰ আলি আৰু অটোৱাৰ আলি নামৰ চোৰ দুটাক আটক কৰে আৰক্ষীয়ে ।

বৰপেটাত ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে গৰু চুৰি চক্ৰ । গৃহস্থৰ ঘৰ, গোহালীৰ লগতে চৰণীয়া পথাৰৰ পৰা চুৰি হৈ আছে গৰু। গৰু চুৰি কৰি বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰে দুয়োটা গৰু চুৰি চক্ৰটোৱে। অভিযোগ অনুসৰি যোৱা সোমাবৰে নিশা উত্তৰ গধুনি গাঁৱৰ নয়ন আলিৰ গোহালিৰ পৰা গৰু চাৰিটা গৰু চুৰি হৈছিল । নয়ন আলিয়ে নিজৰ কষ্টপাৰ্জিত ধনেৰে ক্ৰয় কৰিছিল গৰু কেইটা । অসহায় হৈ ঘটনা সন্দৰ্ভত ভুক্তভোগী তাৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছিল ।

জানিব পৰা মতে চোৰ কেইজনৰ ঘৰৰ পৰা এটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত তাৰাবাৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande