
তামুলপুৰ, ২২ জুন (হি.স.): তামুলপুৰ জিলাৰ শান্তিপুৰত এখন বাহৰ দলঙেৰে অঞ্চলবাসীয়ে দীৰ্ঘদিন ধৰি যাতায়ত কৰি থাকিবলৈ বাধ্য় হৈছে। শান্তিপুৰ আাৰু দেৱচৰা সংযোগী পথৰ শান্তিপুৰত এখন জৰাজীৰ্ণ বাঁহৰ দলং খনৰ বাবে পথচাৰীসকলে কেইবা বছৰ ধৰি ভূগি আহিছে যমৰ যন্ত্ৰণা । এই গাওঁখনৰ এই দলং খনে ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰীয়ে সাধাৰণ পথচাৰী সকলে কেইবা বছৰ ধৰি মৰণক শৰণ দি যাতায়ত কৰিব লগীয়া হৈছে ৷
শান্তিপুৰৰ পৰা দেৱচাৰা লৈ যোৱা বাহৰ দলংখন দীৰ্ঘদিন ধৰি পকী নকৰাৰ ফলত বহু পথচাৰীয়ে দলং খনৰ পৰা বাগৰি পৰি ঘুণীয়া হ'বলগীয়াত পৰিছে । নিতৌ এই বিধ্বস্ত পথটোৰে কেবাখনো বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে যাতায়ত কৰে। স্থানীয় ৰাইজে দলংখন আৰু পথটো মেৰামতি কৰিবলৈ জনপ্ৰতিনিধি সকলক আবেদন নিবেদন কৰি আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে ।
তামুলপুৰ বিধানসভা আৰু বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই পথচোৱা পুনৰ নিৰ্মাণ কৰিবলৈ নৱ নিৰ্বাচিত বিধায়ক বিশ্বজিৎ দৈমাৰীৰ লগতে বাগানপাৰা পৰিষদীয় সমষ্টিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োক অনুৰোধ জনাইছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ