গোসাঁইগাঁৱৰ সেৰফাংগুৰিত সহকাৰী শিক্ষকক কুঠাৰেৰে আক্ৰমণ কৰি হত্যা চেষ্টা দুৰ্বৃত্তৰ
কোকৰাঝাৰ, ২২ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত সেৰফাংগুৰি অঞ্চলত যোৱা কালি দেওবাৰে নিশা সংঘটিত এক ভয়ানক ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সেৰফাংগুৰি এম ই স্কুলৰ সহকাৰী শিক্ষক মীৰ মতিউৰ ৰহমানক কুঠাৰ আৰু চুৰিৰে আক্ৰ
গোসাঁইগাঁৱৰ সেৰফাংগুৰিত সহকাৰী শিক্ষকক কুঠাৰেৰে আক্ৰমণ কৰি হত্যা চেষ্টা দুৰ্বৃত্তৰ


কোকৰাঝাৰ, ২২ জুন (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত সেৰফাংগুৰি অঞ্চলত যোৱা কালি দেওবাৰে নিশা সংঘটিত এক ভয়ানক ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। সেৰফাংগুৰি এম ই স্কুলৰ সহকাৰী শিক্ষক মীৰ মতিউৰ ৰহমানক কুঠাৰ আৰু চুৰিৰে আক্ৰমণ কৰি হত্যা কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে এক দুৰ্বৃত্তৰ দলৰ বিৰুদ্ধে।

জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১ বজাত চাৰি-পাঁচজনীয়া দুৰ্বৃত্তৰ এটা দলে আকস্মিকভাৱে শিক্ষকগৰাকীৰ বাসগৃহত প্ৰৱেশ কৰে। অভিযোগ অনুসৰি, দলটোৰ দুজন সদস্যই কুঠাৰ আৰু চুৰিৰে শিক্ষকজনৰ ওপৰত আক্ৰমণ চলায়। যদিও সৌভাগ্যক্ৰমে কথমপি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় শিক্ষক মীৰ মতিউৰ ৰহমান। আক্ৰমণৰ সময়ত পৰিয়ালৰ লোকে চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্তৰ দলটোৱে ঘটনাস্থলীত এখন কুঠাৰ আৰু এখন চুৰি এৰি নিশাৰ এন্ধাৰ আৰু বৰষুণৰ সুযোগ লৈ পলায়ন কৰে।

শিক্ষকগৰাকীয়ে অভিযোগ কৰি কয় যে, দুৰ্বৃত্তৰ দলটোৱে তেওঁৰ ঘৰত লুট-পাট তথা ডকাইতি সংঘটিত কৰাৰ উদ্দেশ্যেৰে আহিছিল। ঘটনাৰ খবৰ পাই গোসাঁইগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আৰু পলাতক দুৰ্বৃত্তক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

আনহাতে, ঘটনাটোৰ খবৰ পাই পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ এটা সঁজাতি দল ঘটনাস্থলীত উপস্থিত হয়। সংগঠনটোৱে ঘটনাৰ তীব্ৰ গৰিহণা দি জড়িত দুৰ্বৃত্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande