উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ দ্বাৰা কামাখ্যা ষ্টেচন পৰিদৰ্শন আৰু অম্বুবাচী মেলাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ পৰ্যালোচনা
গুৱাহাটী, ২২ জুন (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৫ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে প্ৰস্তুতিপৰ্ব আৰু যাত্ৰী ব্যৱস্থাপনাৰ বাবে গ্ৰহণ ক
असमः कामाख्या रेलवे स्टेशन पर अंबुबासी मेले की तैयारियों का निरीक्षण एवं जायजा लेते पूसीरे के महाप्रबंधक


असमः कामाख्या रेलवे स्टेशन पर अंबुबासी मेले के मद्देनजर पहुंचे श्रद्धालुओं की भीड़


গুৱাহাটী, ২২ জুন (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৫ জুনলৈকে অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে প্ৰস্তুতিপৰ্ব আৰু যাত্ৰী ব্যৱস্থাপনাৰ বাবে গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থাৱলীৰ পৰ্যালোচনাৰ বাবে আজি কামাখ্যা ৰেলৱে ষ্টেচনৰ এক বিস্তৃত পৰিদৰ্শন কৰে। এই বাৰ্ষিক ধৰ্মীয় অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক তীৰ্থযাত্ৰীৰ আগমন ঘটিব বুলি আশা কৰা হৈছে, যাৰ বাবে ৰেলৱেৰ দ্বাৰা পৰিচালনগত আৰু যাত্ৰী সুবিধাৰ দিশত বিস্তৃত ব্যৱস্থাৱলী গ্ৰহণ কৰা হৈছে।

পৰিদৰ্শনৰ সময়চোৱাত মহাপ্ৰৱন্ধকে তীৰ্থযাত্ৰীসকলৰ সুবিধা, নিৰাপত্তা আৰু সুৰক্ষাৰ বাবে গ্ৰহণ কৰা বিভিন্ন সা-সুবিধা আৰু ব্যৱস্থাৱলী, যেনে ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থা, যাত্ৰী সা-সুবিধা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পানীৰ সুবিধা, চিকিৎসা সাহাৰ্য, হেল্প ডেস্ক আৰু সুৰক্ষা সংক্ৰান্তীয় বিভিন্ন ব্যৱস্থাৱলীৰ মূল্যায়ন কৰে। তেওঁ ষ্টেচনটোত নিযুক্ত ৰেলৱে বিষয়াবৰ্গ আৰু কর্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি মেলাৰ সময়চোৱাত প্ৰত্যাশিত তীৰ্থযাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে কাৰ্যকৰী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

মহাপ্ৰৱন্ধকে অবিৰত সতৰ্কতা বজায় ৰখা, ফলপ্ৰসূ ভিৰ নিয়ন্ত্ৰণ আৰু যাত্ৰীসকলক তাৎক্ষণিক সাহাৰ্য আগবঢ়োৱাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। তেওঁ সংশ্লিষ্ট বিষয়াবৰ্গক সদায় সজাগ গৈ থকাৰ লগতে যাত্ৰীৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিবলৈ, সুৰক্ষা সংস্থা আৰু অসামৰিক কৰ্তৃপক্ষৰ সৈতে ফলপ্ৰসূ সমন্বয় সাধন কৰিবলৈ আৰু উৎসৱৰ সময়চোৱাত সুগম ৰেল চলাচল নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

তীৰ্থসকলৰ প্ৰত্যাশিত ভিৰৰ মোকাবিলা কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেই অসম আৰু উত্তৰ বংগৰ গুৰুত্বপূৰ্ণ গন্তব্যস্থানসমূহৰ সৈতে কামাখ্যাৰ সংযোগ স্থাপন কৰি কেইবাখনো বিশেষ অসংৰক্ষিত ৰেলসেৱা পৰিচালন কৰি আহিছে। ইয়াৰ উপৰিও, অম্বুবাচী মেলাৰ সময়ত তীৰ্থসকলৰ বাবে সুগম ভ্ৰমণৰ সুবিধা আৰু পৰিবহন ক্ষমতা বৃদ্ধি কৰাৰ বাবে নিয়মিত বিভিন্ন যাত্ৰীবাহী ৰেলত অস্থায়ীভাৱে দবাৰ সংখ্যাও বৃদ্ধি কৰা হৈছে।

মহাপ্ৰৱন্ধকে সংশ্লিষ্ট বিষয়াবৰ্গক যাত্ৰীৰ সুৰক্ষা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু নিৰৱচ্ছিন্ন সেৱা প্ৰদানৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়াৰ লগতে কামাখ্যা ৰেলৱে ষ্টেচনত আগমন কৰা আৰু ষ্টেচনৰ পৰা প্ৰস্থান কৰা ভক্তসকলৰ বাবে পৰ্যাপ্ত তথ্য আৰু নিৰ্দেশাৱলী উপলব্ধ কৰাৰ বাবে পৰামৰ্শ দিয়ে।

উত্তৰ-পূব সীমান্ত ৰেলৱেই অম্বুবাচী মেলাৰ সময়ত তীৰ্থযাত্ৰীসকলৰ সুগম যাতায়তৰ বাবে বিস্তৃত ব্যৱস্থাৱলী গ্ৰহণ কৰাৰ লগতে আৰু সকলো যাত্ৰীৰ সুৰক্ষিত, আৰামদায়ক আৰু নিৰৱচ্ছিন্ন যাত্ৰা অভিজ্ঞতা প্ৰদান কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

---------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande