
গুৱাহাটী, ২২ জুন (হি.স.)। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অম্বুবাচী উপলক্ষে মা কামাখ্যাক প্ৰাৰ্থনা কৰাৰ লগতে কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হোৱা ঐতিহাসিক অম্বুবাচী মহোৎসৱত অংশগ্ৰহণ কৰা ভক্তসকলক আদৰণি জনায়।
নিজৰ অফিচিয়েল ছ’চিয়েল মিডিয়া পেজত এটা পোষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্রী শৰ্মাই কয়, “নীলাচলৰ সিংহাসনত বিৰাজমান মাতৃ কামাখ্যাৰ পবিত্ৰ অমুবাচী মহাযোগৰ পবিত্ৰ উৎসৱ উপলক্ষে বিশ্ব মাতৃৰ চৰণত কোটি কোটি প্ৰণাম ।
একে সময়তে এই মহান উৎসৱ উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অসমলৈ অহা ভক্তসকলক আন্তৰিক আদৰণি জনাইছো।
কামাখ্যা মাতৃৰ কৃপাময় দৃষ্টিৰে সকলোৰে জীৱন সুখ, শান্তি, সমৃদ্ধি, আধ্যাত্মিক শক্তিৰে ভৰাই তোলক—এয়া মোৰ প্ৰাৰ্থনা ৷”
জয় মা কামাখ্যা----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ