
বলীউডৰ সন্মানীয় কাপুৰ পৰিয়ালত বাজিছে বিয়াৰ চেহনাই। চলচ্চিত্ৰ নিৰ্মাতা বনি কাপুৰৰ জ্যেষ্ঠ কন্যা অংশুলা কাপুৰে বন্ধু ৰোহন ঠাক্কৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। বিয়াৰ পূর্বে আৰম্ভ হোৱা প্রাক-বিবাহ অনুষ্ঠানৰ ফটো ছ’চিয়েল মিডিয়াত প্রকাশ পাইছে, য’ত কাপুৰ পৰিয়ালৰ অনন্য শৈলী প্রদর্শন কৰা হৈছে ৷ এই ফটোসমূহে অনুৰাগীৰ মাজত উতসাহৰ সৃষ্টি কৰিছে।
অভিনেত্ৰী শনয়া কাপুৰে শ্বেয়াৰ কৰা ফটোত অংশুলা আৰু ৰোহনক পৰম্পৰাগত পূজা অৰ্চনা কৰা দেখা গৈছে। অনুষ্ঠানৰ সময়ত তেওঁলোকে নতুন জীৱনৰ আৰম্ভণিৰ বাবে আশীৰ্বাদ বিচাৰি আৰতি (পবিত্ৰ প্ৰাৰ্থনা) কৰে। জ্যেষ্ঠ ভাতৃৰ ভূমিকাৰে অৰ্জুন কাপুৰে এই অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গ’ল। জাহ্নৱী কাপুৰ আৰু খুছি কাপুৰেও পৰিয়ালৰ সৈতে এই আনন্দময় অনুষ্ঠানটো উদযাপন কৰা দেখা গৈছিল। সঞ্জয় কাপুৰ আৰু মহীপ কাপুৰকে ধৰি কাপুৰ পৰিয়ালৰ কেইবাজনো সদস্যই উপস্থিত থাকি দৰা-কইনালৈ শুভেচ্ছা জ্ঞাপন কৰে।
অংশুলা আৰু ৰোহনৰ প্ৰেম কাহিনীটো চিনেমাৰ কাহিনীতকৈ কম নহয়। ২০২২ চনত ডেটিং এপৰ জৰিয়তে তেওঁলোকৰ লগ হৈছিল। কিছুদিন ডেটিং কৰাৰ পিছত তেওঁলোকৰ সম্পৰ্ক ৰাজহুৱা কৰি ২০২৫ চনৰ অক্টোবৰ মাহত এংগেজমেণ্ট হয়। অংশুলাই তেওঁলোকৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰি কয় যে ৰোহনে তেওঁৰ প্ৰিয় চহৰৰ চেণ্ট্ৰেল পাৰ্কৰ ওচৰৰ এটা ৰাজপ্ৰসাদৰ সন্মুখত গভীৰ নিশা প্ৰেমৰ প্ৰস্তাৱ দিছিল। এতিয়া দুয়োজনে অতি সোনকালে নিজৰ সম্পৰ্কক নতুন নাম দিবলৈ ওলাইছে, যিটো খবৰৰ বাবে পৰিয়াল আৰু অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ