“পূবৰ মহাকুম্ভ” হিচাপে বিশ্ববিখ্যাত ঐতিহাসিক অম্বুবাচী মেলা উপলক্ষে শুভেচ্ছা জ্ঞাপন সভাপতি দিলীপ শইকীয়াৰ
গুৱাহাটী ২২ জুন(হি.স.)। পৱিত্ৰ অম্বুবাচী মেলা ২০২৬ উপলক্ষে সমূহ সনাতনী হিন্দু সমাজলৈ ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি কয় যে, মা কামাখ্যাৰ আশীৰ্বাদত অসম তথা সমগ্র দেশত সুখ, শান্তি,
“পূবৰ মহাকুম্ভ” হিচাপে বিশ্ববিখ্যাত ঐতিহাসিক অম্বুবাচী মেলা উপলক্ষে শুভেচ্ছা জ্ঞাপন সভাপতি দিলীপ শইকীয়াৰ


গুৱাহাটী ২২ জুন(হি.স.)। পৱিত্ৰ অম্বুবাচী মেলা ২০২৬ উপলক্ষে সমূহ সনাতনী হিন্দু সমাজলৈ ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি কয় যে, মা কামাখ্যাৰ আশীৰ্বাদত অসম তথা সমগ্র দেশত সুখ, শান্তি, সমৃদ্ধি আৰু আধ্যাত্মিক চেতনাৰ ধাৰা অব্যাহত থাকক।

লগতে উল্লেখ কৰে যে, ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু ঐতিহ্যবাহী পৰম্পৰাক সৰ্বাধিক গুৰুত্ব দি এক শক্তিশালী আৰু সু-সংগঠিত ব্যৱস্থাপনাৰে অম্বুবাচী মেলাক বিশ্বমানৰ ধৰ্মীয় সমাবেশ হিচাপে গঢ়ি তুলিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছে।

ৰাজ্যিক বিজেপি দলৰ সংবাদ শাখাৰ সদস্য প্রিয়ংকা তামুলীয়ে কয় যে পূবৰ মহাকুম্ভ” হিচাপে বিশ্বখ্যাত ঐতিহাসিক অম্বুবাচী মেলা ২০২৬ আজিৰে পৰা কামৰূপৰ নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা ধামত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে।

অসম চৰকাৰ আৰু কামাখ্যা দেৱালয় পৰিচালনা সমিতিৰ সু-সমন্বিত উদ্যোগত আয়োজিত এই চাৰিদিনীয়া মহোৎসৱে দেৱী কামাখ্যাৰ বাৰ্ষিক ঋতুচক্ৰ আৰু সৃষ্টিধর্মিতাৰ মহান তাৎপর্য বহন কৰে। বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সুদূৰপ্ৰসাৰী পৰিকল্পনা, অত্যাধুনিক আৰু সু-শৃংখলিত ব্যৱস্থাপনা তথা শক্তিশালী আন্তঃগাঁথনিৰ ফলত এইবাৰৰ অম্বুবাচী মেলাত ভক্ত, সাধু-সন্ন্যাসী আৰু তীর্থযাত্ৰীৰ সমাগম উল্লেখযোগ্যভাবে বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

চৰকাৰীভাৱে কৰা অনুমান অনুসৰি নুন্যতম ৮ লাখ ভক্তৰ সমাগম হ'ব। এই সমাগমে মা কমাখ্যা ধামৰ অম্বুবাচী মেলাক নতুন মাত্রা দিব বুলি প্রিয়ংকা তামুলীয়ে জনায়।

উক্ত অভূতপূর্ব সমাগমে অসমৰ আধ্যাত্মিক পর্যটন, উন্নত যোগাযোগ ব্যৱস্থা আৰু বিশ্বমানৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সফলতাক পুনৰ প্ৰতিষ্ঠা কৰিছে। ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন অসম চৰকাৰৰ উন্নয়নমুখী নীতি, উন্নত বাটপথ, সুশৃংখল নগৰ ব্যৱস্থাপনা, শক্তিশালী আইন-শৃংখলা পৰিস্থিতি আৰু জনকল্যাণমূলক পদক্ষেপ সমূহৰ ফলতেই আজিৰ অসম দেশৰ অন্যতম আকর্ষণীয় আধ্যাত্মিক আৰু পৰ্যটন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ঐতিহ্য, সংস্কৃতি আৰু ধৰ্মীয় পৰম্পৰাক বিশ্বদৰবাৰত অধিক মর্যাদা প্রদান কৰাৰ যি অবিৰাম প্রচেষ্টা চলি আছে, অম্বুবাচী মেলাৰ এই বৃহৎ সমাগম তাৰেই এক জীৱন্ত উদাহৰণ।

অসম চৰকাৰে ভক্ত সকলৰ সুবিধা, সুৰক্ষা আৰু সুশৃংখল পৰিচালনাৰ বাবে ব্যাপক ব্যৱস্থা গ্রহণ কৰিছে। অসম পর্যটন বিভাগে ৪.৫৫ কোটি টকাৰ ব্যয় সাপেক্ষে বিভিন্ন বিভাগৰ সৈতে সমন্বয় ৰাখি সকলো প্রস্তুতি সম্পূৰ্ণ কৰিছে। পুৰণি জেল চৌহদ, বৰিপাৰা খেলপথাৰ আৰু কামাখ্যা ৰেল ষ্টেচনত বৃহৎ অস্থায়ী আশ্রয় শিবিৰ স্থাপন কৰা হৈছে, য'ত ৫০ হাজাৰৰো অধিক ভক্ত থাকিব পাৰিব।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট নির্দেশ অনুসৰি এইবাৰ কোনো ধৰণৰ ভিআইপি আৰু ভিভিআইপি সংস্কৃতিৰ স্থান নাই। সকলো ভক্তই সমান অধিকাৰে সাধাৰণ শাৰীৰ জৰিয়তেই দৰ্শনৰ সুবিধা লাভ কৰিব, যি চৰকাৰৰ সমতা আৰু স্বচ্ছতাৰ নীতিৰ এক উজ্জ্বল নিদর্শন। পৰিচ্ছন্নতা আৰু জনস্বাস্থ্যৰ দিশতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

মন্দিৰ ট্ৰাষ্ট আৰু প্ৰশাসনে ২০০ গৰাকীতকৈ অধিক স্থায়ী চাফাই কৰ্মীৰ লগতে ১০০ গৰাকীতকৈ অধিক অতিৰিক্ত কর্মী নিয়োগ কৰিছে বুলি তেও জানিবলৈ দিয়ে। নীলাচলৰ বিভিন্ন অংশত জৈৱিক শৌচাগাৰ, বিশুদ্ধ খোৱাপানী আৰু প্রয়োজনীয় স্বাস্থ্যসেৱা উপলব্ধ কৰা হৈছে, যাতে সকলো ভক্তই নিৰাপদ আৰু স্বাচ্ছন্দ্যপূৰ্ণ পৰিবেশত দৰ্শন সম্পন্ন কৰিব পাৰে বুলি জনায়।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande