
বঙাইগাঁও, ২২ জুন (হি.স.)। বঙাইগাঁও জিলাৰ গোলাপাৰাত ভয়ংকৰ অঘটন। ধান মিলত দূৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু এজন বৃদ্ধৰ। অঞ্চল ব্যাপি শোকৰ ছাঁ। দূৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে লোকজনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও প্ৰাথমিক চিকিৎসাৰ পিছত মৃত বুলি ঘোষণা কৰে চিকিৎসকে।
মৃত লোকজনৰ নাম আবু বক্কাৰ ছিদ্দিক (৫৫) বুলি জানিব পৰা গৈছে। জানিব পৰা মতে লোকজনে গোলাপাৰাত থকা তেওঁৰ নিজৰ ঘৰত স্থাপন কৰা ধান ভঙা মিল চলাই আছিল। পুৱাৰ ভাগত ধান ভঙাই থকা অৱস্থাত মিলৰ ফিতাৰ সৈতে পিন্ধি থকা লুঙিটো মেৰিয়াই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত মানুজনৰ এখন ভৰি ছিঙি যায়। পিছত ৰক্তাক্ত হৈ পৰে মিলৰ মজিয়া। লগে লগে পৰিয়ালৰ লোকে মানুহজনক কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত নি ভৰ্তি কৰে যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত অধিক ৰক্তক্ষৰণ হোৱাৰ ফলত মানুহজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে চিকিৎসকে। দুৰ্ঘটনাৰ ফলত শোকৰ ছাঁ পৰিছে অঞ্চলটোত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু