
ৱাশ্বিংটন, ২২ জুন (হি.স.)। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশৰ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলিৰ মজুত শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা উৎপাদন আইন (ডিপিএ)ৰ আৰোপ কৰিছে। ইৰাণৰ সৈতে দীৰ্ঘদিনীয়া সংঘাত আৰু অন্যান্য বিশ্ব সংকটৰ বাবে আমেৰিকাৰ অস্ত্ৰ-শস্ত্ৰৰ মজুত হ্ৰাস পোৱাৰ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
বিগত ১১ জুনত জাৰি কৰা স্মাৰকপত্ৰত ট্ৰাম্পে প্ৰতিৰক্ষা সচিব পিট হেগছেথক প্ৰতিৰক্ষা উৎপাদনৰ সৈতে জড়িত বাধাসমূহ আঁতৰাই সামৰিক উদ্যোগৰ সৈতে নতুন চুক্তি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে । প্ৰতিৰক্ষা উৎপাদন আইনখনে ৰাষ্ট্ৰপতিক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰৰ উৎপাদনক অগ্ৰাধিকাৰ দিয়াৰ কৰ্তৃত্ব প্ৰদান কৰে।
ইফালে চীন আৰু পাকিস্তানে মধ্যপ্ৰাচ্যত শান্তিৰ প্ৰচেষ্টা আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰিছে । চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি আৰু পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক মন্ত্ৰী মহম্মদ ইছহাক দাৰৰ মাজত টেলিফোনিক বাৰ্তালাপত আমেৰিকা-ইৰাণৰ চুক্তি আৰু আঞ্চলিক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হয় ।
চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ তথ্য অনুসৰি দুয়োখন দেশেই যুদ্ধবিৰতি, শান্তি আলোচনা পুনৰ আৰম্ভ কৰা, সামুদ্ৰিক বাণিজ্যিক পথৰ নিৰাপত্তা, ৰাষ্ট্ৰসংঘৰ ভূমিকা শক্তিশালী কৰাত সমৰ্থন আগবঢ়ায়। চীনে পাকিস্তানৰ সৈতে কৌশলগত সমন্বয় বৃদ্ধি কৰাৰ লগতে অঞ্চলটোত শান্তি প্ৰতিষ্ঠাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
ইফালে শেহতীয়াকৈ দক্ষিণ লেবাননত সংঘটিত আক্ৰমণৰ পিছত ইৰাণে ইজৰাইলক সামৰিক সঁহাৰিৰ সকীয়াই দিছে। ইৰাণৰ সামৰিক কমাণ্ডে অভিযোগ কৰে যে ইজৰাইলে যুদ্ধবিৰতি চুক্তিখন বাৰে বাৰে উলংঘা কৰিছে আৰু আক্ৰমণ বন্ধ নহ’লে কঠোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।
বিশ্লেষকসকলৰ মতে ইৰাণৰ সৈতে প্ৰায় ১৫ সপ্তাহজোৰা সংঘাত আৰু অন্যান্য সামৰিক অভিযানৰ ফলত আমেৰিকাই নিজৰ অস্ত্ৰ-শস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰৰ মজুত পুনৰ ভৰোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। ফলস্বৰূপে ট্ৰাম্প প্ৰশাসনে ঘৰুৱা প্ৰতিৰক্ষা উৎপাদন ক্ষমতা বৃদ্ধি আৰু মিত্ৰশক্তিৰ বাবে সামৰিক যোগান সীমিত কৰাৰ নীতিৰ কথা বিবেচনা কৰিছে।
আমেৰিকাৰ কংগ্ৰেছে জটিল ক্ষেপণাস্ত্ৰ ব্যৱস্থা আৰু প্ৰতিৰক্ষা সঁজুলিৰ উৎপাদন বৃদ্ধিৰ বাবে অতিৰিক্ত আৰ্থিক সাহায্য আৰু দীৰ্ঘম্যাদী চুক্তি অনুমোদনৰ বাবেও কাম কৰি আছে। বিশেষজ্ঞসকলৰ মতে এই পদক্ষেপে ভৱিষ্যতে সম্ভাৱ্য নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ আমেৰিকাৰ সামৰিক প্ৰস্তুতি শক্তিশালী কৰিব।
--------------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ