
নতুন দিল্লী, ২২ জুন (হি.স.)। অংগদান অভিযানৰ অধীনত ৫ লাখৰো অধিক লোকে অংগদানৰ প্ৰতিশ্ৰুতি দিছে। এই কৃতিত্বই দেশত অংগ আৰু কলা দানৰ প্ৰতি মানুহৰ ক্ৰমবৰ্ধমান সজাগতা, সংবেদনশীলতা আৰু সক্ৰিয় অংশগ্ৰহণক প্ৰতিফলিত কৰে।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি অংগদানে এতিয়া মানৱীয় কাৰ্য্য হিচাপে ব্যাপক গ্ৰহণযোগ্যতা লাভ কৰিছে যিয়ে প্ৰতিস্থাপনৰ বাবে অপেক্ষা কৰি থকা ৰোগীসকলক এক নতুন জীৱন দিয়াৰ সুযোগ প্ৰদান কৰে। স্বেচ্ছামূলক অংগ আৰু কলা দানৰ প্ৰসাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলো এই সাফল্য।
এই উপলক্ষে ৰাষ্ট্ৰীয় অংগ আৰু কলা সংৰোপণ সংস্থাৰ সঞ্চালক ডাঃ অনিল কুমাৰে দেশবাসীক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে চৰকাৰী আৰু বেচৰকাৰী সংস্থা, স্বাস্থ্যকৰ্মী, শিক্ষানুষ্ঠান, সংবাদ মাধ্যমৰ সংস্থা, আৰু অন্যান্য অংশীদাৰ সংস্থাসমূহে সজাগতা বিয়পোৱা আৰু মানুহক অংগদানৰ বাবে প্ৰেৰণা যোগোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। লগতে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ সহযোগিতাৰ শলাগ লয়।
তেওঁ কয় যে সজাগতা অভিযান, প্ৰতিষ্ঠানিক সামৰ্থ্য বিকাশ আৰু প্ৰতিস্থাপন ব্যৱস্থা শক্তিশালী কৰাৰ জৰিয়তে অংগ আৰু কলাৰ ক্ৰমবৰ্ধমান চাহিদা আৰু উপলব্ধতাৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হৈছে। তদুপৰি দেশৰ সমগ্ৰ অংগ প্ৰতিস্থাপন প্ৰক্ৰিয়াটো যাতে নৈতিক, স্বচ্ছ, সমতাপূৰ্ণ, আৰু ৰোগীকেন্দ্ৰিক হৈ থাকে তাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।
ড° অনিল কুমাৰে উল্লেখ কৰে যে শেহতীয়া বছৰবোৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচীত অংগদানৰ গুৰুত্ব সম্পৰ্কে দিয়া বাৰ্তাই এই অভিযানক নতুন গতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক অংগদানৰ বাবে আগবাঢ়ি আহিবলৈ বহুবাৰ আহ্বান জনাইছে, যাৰ ফলত এই বিষয়ত জনসচেতনতা ইতিবাচকভাৱে বৃদ্ধি পাইছে।
অংগদানৰ প্ৰতিজ্ঞা প্ৰক্ৰিয়া সৰল কৰিবলৈ আধাৰ ভিত্তিক পঞ্জীয়ন পৰ্টেল notto.abdm.gov.in আৰম্ভ কৰা হৈছে। এই পৰ্টেলৰ জৰিয়তে নাগৰিকে নিজৰ অংগদানৰ প্ৰতিশ্ৰুতি নিৰাপদ আৰু সহজ পদ্ধতিৰে পঞ্জীয়ন কৰিব পাৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া