তিতাবৰৰ ঐতিহ্যমণ্ডিত খেলপথাৰত নিশা অচিনাক্ত দুৰ্বৃত্তৰ তাণ্ডৱ
যোৰহাট, ২২ জুন (হি.স.)। যোৰহাট জিলাৰ তিতাবৰৰ ঐতিহ্যমণ্ডিত খেলপথাৰত নিশা অচিনাক্ত দুৰ্বৃত্তই তাণ্ডৱ চলায় । নিশা গোপনে হাল বাই নষ্ট কৰিলে খেলপথাৰৰ ৰানিং ট্ৰেক । তিতাবৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। নিশাৰ আন্ধাৰৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই টেক্ট
তিতাবৰৰ ঐতিহ্যমণ্ডিত খেলপথাৰত নিশা অচিনাক্ত দুৰ্বৃত্তৰ তাণ্ডৱ


যোৰহাট, ২২ জুন (হি.স.)। যোৰহাট জিলাৰ তিতাবৰৰ ঐতিহ্যমণ্ডিত খেলপথাৰত নিশা অচিনাক্ত দুৰ্বৃত্তই তাণ্ডৱ চলায় । নিশা গোপনে হাল বাই নষ্ট কৰিলে খেলপথাৰৰ ৰানিং ট্ৰেক । তিতাবৰত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা। নিশাৰ আন্ধাৰৰ সুযোগ লৈ অচিনাক্ত দুৰ্বৃত্তই টেক্টৰেৰে হাল বাই সম্পূৰ্ণৰূপে নষ্ট কৰি থৈ গ’ল ঐতিহ্যমণ্ডিত টিপমীয়া চাহ বাগিচা খেলপথাৰৰ ৰানিং ট্ৰেক।

উল্লেখ্য যে এই খেলপথাৰখন আছিল বৃহত্তৰ অঞ্চলৰ স্থানীয় যুৱক-যুৱতীৰ ভৱিষ্যত গঢ়াৰ মূল কেন্দ্ৰ। প্ৰতিদিনে পুৱা-আবেলি দাঁতিকাষৰীয়া বৃহত্তৰ অঞ্চলৰ প্ৰায় তিনিশৰ পৰা চাৰিশগৰাকী যুৱক-যুৱতীয়ে দেশৰ সুৰক্ষা বাহিনীত ভৰ্তি হোৱাৰ সপোন লৈ এইখন খেলপথাৰতে কঠোৰ অনুশীলন অব্যাহত ৰাখে।

গ্ৰামঞ্চলৰ বহু সংখ্যক অনুশীলনকাৰীয়ে এইখন খেলপথাৰত কপালৰ ঘাম মাটিত পেলাই কঠোৰ অনুশীলনৰ অন্তত ইতিমধ্যে ভাৰতীয় সেনাবাহিনী, অসম আৰক্ষী, সীমান্ত সুৰক্ষা বাহিনী আদিত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে । এনে বহু আশালৈ পালেং ফিল্ড নামেৰে জনাজাত এইখন ঐতিহ্যমণ্ডিত টিপমীয়া চাহ বাগিচা খেলপথাৰত নিতৌ শ-শ যুৱক-যুৱতীয়ে দৌৰ, জাম্প, কচৰৎ, মাৰ্চ-পাষ্ট আদি বিষয়ত কঠোৰ অনুশীলন কৰি আছে ।

কিন্তু কোনো দুষ্টচক্ৰই নিশা ৰানিং ট্ৰেকত ট্ৰেক্টৰেৰে হাল বাই নষ্ট কৰাৰ ফলত যুৱ প্ৰজন্মৰ কেৰিয়াৰ গঢ়াৰ একমাত্ৰ ভৰষা স্থলী ধ্বংসৰ গৰাহলৈ গতি কৰে । ইপিনে পুৱাৰ ভাগত পূৰ্বৰ দৰে অনুশীলন কৰিবলৈ অহা অনুশীলনকাৰী যুৱক-যুৱতী সকলে খেলপথাৰখনৰ কৰুণ দৃশ্য প্ৰত্যক্ষ কৰি মৰ্মাহত হৈ পৰে।

ডিফেন্সৰ বাবে দিনে-ৰাতিয়ে সাজু হোৱা প্ৰাৰ্থীসকলে এতিয়া ক্ষোভ আৰু দুখত চকুৰ পানীৰে বাট নেদেখাৰ দৰে হৈ পৰিছে । ঘটনা সন্দৰ্ভত ক্ষোভিত যুৱক-যুৱতী আৰু স্থানীয় ৰাইজে বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দোষীক চিনাক্ত কৰি আইনগত শাস্তি

প্ৰদানৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande