
শোণিতপুৰ, ২১ জুন (হি.স.)। শোণিতপুৰৰ বালিপৰাত আত্মসহায়ক গোটৰ উদ্যোগত আন্তৰাষ্ট্ৰীয় যোগ দিৱস পালন।
আজি দ্বাদশ আন্তৰাষ্ট্ৰীয় যোগ দিৱস।ৰাজ্যৰ অন্যপ্ৰান্তৰ লগতে নদুৱাৰ সমষ্টিৰ অন্তৰ্গত বালিপৰাতো বিশ্ব দিৱস পালন কৰা হয়।উদমাৰী পঞ্চায়তৰ অন্তৰ্গত উত্তৰণ ভিঅ' গোটৰ উদ্যোগত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।বালিপৰাৰ উদমাৰী পঞ্চায়তৰ অন্তৰ্গত ২১ টা আত্মসহায়ক গোটৰ প্ৰায় ৩০০ গৰাকী সদস্যাই এই যোগ দিৱসত অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু