নগাঁও ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত যোগ দিৱস পালন
নগাঁও, ২১জুন (হি.স.)। আজি ২১ জুন অৰ্থাৎ আন্তৰ্জাতিক যোগ দিৱস। প্রতি বছৰৰ আজিৰ এই ২১ জুন তাৰিখে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা পৰিলক্ষিত হয়। দেশৰ সমান্তৰালকৈ নগাঁও ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰতো পালন কৰা হই যোগ দিৱসটো। শতাধিক বেদ
নগাঁও ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰত যোগ দিৱস পালন


নগাঁও, ২১জুন (হি.স.)। আজি ২১ জুন অৰ্থাৎ আন্তৰ্জাতিক যোগ দিৱস। প্রতি বছৰৰ আজিৰ এই ২১ জুন তাৰিখে সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক যোগ দিৱস পালন কৰা পৰিলক্ষিত হয়। দেশৰ সমান্তৰালকৈ নগাঁও ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰতো পালন কৰা হই যোগ দিৱসটো। শতাধিক বেদ শাস্ত্ৰ বিদ্যালয়ৰ ছাত্র-ছাত্রী আৰু পুৰণিগুদাম মণ্ডল বিজেপিৰ লোকে অংশগ্ৰহণ কৰে এই যোগ অনুষ্ঠানত।

শাৰীৰিক আৰু মানসিক সুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি ২০১৪ চনৰ ডিচেম্বৰত ৰাষ্ট্ৰসংঘই এই দিনটো আনুষ্ঠানিকভাৱে আন্তৰ্জাতিক যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে। যোগাভ্যাসৰ জৰিয়তে দেহ, মন আৰু আত্মাৰ মাজত সমন্বয় সাধন কৰা আৰু বিশ্ববাসীক এক স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিবলৈ এই দিৱসটো পালন কৰা হয়।

২০১৪ চনৰ ২৭ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনক যোগ দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়। তাৰ পিছৰে পৰা ২০১৫ চনৰ ২১ জুনত প্ৰথমবাৰৰ বাবে সমগ্ৰ বিশ্বতে এই দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে উত্তৰ গোলাৰ্ধত ২১ জুন বছৰৰ আটাইতকৈ দীঘল দিন আৰু ভাৰতীয় সংস্কৃতিত এই দিনটোক আধ্যাত্মিকভাৱে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয় । যোগাভ্যাসৰ জৰিয়তে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, মানসিক চাপ হ্ৰাস হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande