
তিনিচুকিয়া, ২১ জুন (হি.স.)। মাৰ্ঘেৰিটাত উলহ- মালহেৰে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন,সুস্থ বয়স বৃদ্ধিৰ বাবে যোগাসনৰ সংকল্প।
সমগ্ৰ বিশ্বৰ লগতে আজি মাৰ্ঘেৰিটাতো উলহ-মালহেৰে উদযাপন কৰা হয় ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয় প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই দিৱস পালন কৰা হয়।
এই বৰ্ষৰ মূল বাৰ্তা সুস্থ বয়স বৃদ্ধিৰ বাবে যোগাসন (Yoga for Healthy Aging)-ক সৰোগত কৰি আজি যোগ দিৱসৰ মূল কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সমজিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত মাৰ্ঘেৰিটাৰ সম-জিলা আয়ুক্ত ৰাহুল দলে সহ প্ৰশাসনৰ কেইবা গৰাকীও উচ্চপদস্থ বিষয়া কৰ্মচাৰী,মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ শিক্ষক- কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে।
অনুষ্ঠানত আমন্ত্ৰিত যোগগুৰু দীপ আচাৰ্যীয়ে উপস্থিত সকলোকে বিভিন্ন আসন আৰু প্ৰাণায়ামৰ কৌশল প্ৰদৰ্শন কৰোৱাৰ লগতে ইয়াৰ শুদ্ধ চৰ্চাৰ নিয়মসমূহ শিকাই দিয়ে। যোগগুৰু দীপ আচাৰ্যীয়ে নিয়মিত যোগ চৰ্চাৰ জৰিয়তে কেনেকৈ বাৰ্ধক্যজনিত বিভিন্ন শাৰীৰিক আৰু মানসিক সমস্যা দূৰ কৰিব পাৰি আৰু এটা সুস্থ, সৱল তথা দীৰ্ঘ জীৱন লাভ কৰিব পাৰি, সেই সন্দৰ্ভত এক অত্যন্ত গুৰুত্বপূৰ্ণ বাখ্যা আগবঢ়ায়।
প্ৰশাসনৰ এই সময়োপযোগী প্ৰচেষ্টা আৰু সৰ্বসাধাৰণ ৰাইজৰ সামূহিক অংশগ্ৰহণে সমগ্ৰ মাৰ্ঘেৰিটা অঞ্চলটোতে এক ধনাত্মক আৰু স্বাস্থ্য সচেতন পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু