
কামৰূপ, ২১ জুন (হি.স.)। ৰঙিয়া সমজিলা প্ৰশাসনৰ উদ্যোগত দেওবাৰে দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৰঙিয়াতো বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়। স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’, ৰঙিয়া আৰু কৃষাণ কানন আৰ্থ-সামাজিক উন্নয়ন ন্যাসৰ সহযোগত ৰঙিয়াৰ বৰমূৰাস্থিত কৃষাণ কানন সংহত পাম আৰু ডিমেঞ্চিয়া ভিলেজত এই অনুষ্ঠান ৰূপায়ণ কৰা হয় ।
অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতা, সমজিলা আয়ুক্ত, চক্ৰ বিষয়া, ডাঃ হিতেন্দ্ৰ কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তি। অতিথি সকলে যোগাভ্যাসৰ স্বাস্থ্যগত উপকাৰিতাৰ ওপৰত আলোকপাত কৰে লগতে বিভিন্ন যোগাসন আৰু প্ৰাণায়ামৰ মনোমোহা প্ৰদৰ্শন আগবঢ়ায়। উপস্থিত লোক সকলেও যোগাভ্যাসত অংশগ্ৰহণ কৰে। সুস্থ শৰীৰ আৰু সুস্থ মনৰ বাবে যোগৰ গুৰুত্বৰ বিষয়ে সচেতনতা সৃষ্টি কৰা হয়। দৈনন্দিন জীৱনত যোগাভ্যাসক অন্তৰ্ভুক্ত কৰাৰ আহ্বান জনায় যোগ আচাৰ্য সকলে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা