
কাঠমাণ্ডু, ২১ জুন (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ দশৰথ ৰংগশালা ষ্টেডিয়ামত দেওবাৰে দ্বাদশ বিশ্ব যোগ দিৱস উপলক্ষে এক বৃহৎ গণ যোগাসনৰ আয়োজন কৰা হয়। শিক্ষা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত বৃহৎ সংখ্যক চৰকাৰী বিষয়া, কৰ্মচাৰী, যোগ বিশেষজ্ঞই অংশগ্ৰহণ কৰে।
নেপাল চৰকাৰৰ মুখ্য সচিব সুমনৰাজ আৰিয়াল, বিভিন্ন মন্ত্ৰালয়ৰ সম্পাদক, চৰকাৰী কৰ্মচাৰী, যোগ গুৰুসকল উপস্থিত থাকে। যোগৰ গুৰুত্ব আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ প্ৰচাৰৰ বাবে অংশগ্ৰহণকাৰীসকলে সামূহিকভাৱে যোগাসন চলাইছিল। এইবাৰৰ যোগ দিৱসৰ অনুষ্ঠানতো আধুনিক জীৱনশৈলীৰ প্ৰত্যাহ্বানৰ ফলপ্ৰসূ আৰু স্বাভাৱিক সমাধান হিচাপে যোগে আত্মপ্ৰকাশ কৰিছে বুলিও বাৰ্তা প্ৰেৰণ কৰে।
প্ৰতি বছৰে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়।এই দিৱসৰ উদ্দেশ্য হৈছে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, আৰু আধ্যাত্মিক স্বাস্থ্যৰ বিষয়ে সজাগতা সৃষ্টি কৰা। নেপাল চৰকাৰেও এই উপলক্ষে প্ৰতি বছৰে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰি নাগৰিকসকলক সুস্থ জীৱনশৈলী গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। বিশেষজ্ঞসকলৰ মতে নিয়মীয়া যোগাভ্যাসে মানসিক চাপ হ্ৰাস কৰে, মানসিক একাগ্ৰতা বৃদ্ধি কৰে, শৰীৰক শক্তি প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া