
কলকাতা, ২১ জুন (হি.স.)। কলকাতাৰ ৰেড ৰোডত দেওবাৰে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এক বৃহৎ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগ অনুশীলনত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, ৰাজ্যপাল আৰ.এন. ৰবি, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ ৰথিন্দ্ৰনাথ বসু, বিধায়ক, ছাত্ৰ-ছাত্ৰী, খেলুৱৈ, যোগ সাধক, আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধি। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ আৰু যোগ দিৱসৰ মূল অনুষ্ঠানৰ বাবে সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়।
দেওবাৰে পুৱা ৰেড ৰোডত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঞ্চৰ পৰাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত দেশবাসীক সম্ভাষণ জনায়। তেওঁ কয় যে ২১ জুন তাৰিখটো পৃথিৱীৰ কিছু অংশত বছৰৰ আটাইতকৈ দীঘলীয়া দিন, কিন্তু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি পোৱাৰ পিছৰে পৰা দিনটোৰ তাৎপৰ্য বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে যোগাসন সকলোকে সংযোগ কৰাৰ মাধ্যম আৰু আজি ২১ জুন বিশ্বৰ অন্যতম বৃহৎ উৎসৱত পৰিণত হৈছে ।
প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষত এক প্ৰাচীন পৰম্পৰা হোৱাৰ পিছতো যোগ এতিয়া সমগ্ৰ বিশ্বৰ জীৱনশৈলীৰ অংগ হৈ পৰিছে। তেওঁ কয় যে হিমালয়ৰ পৰা ভাৰত মহাসাগৰলৈকে, উত্তৰ-পূব আৰু বংগৰ পৰা পশ্চিমৰ সৌৰাষ্ট্ৰলৈকে ভাৰতত যোগৰ শক্তি দৃশ্যমান। প্ৰধানমন্ত্ৰীয়ে কয় যে কলকাতাত যোগ দিৱস উদযাপনত অংশগ্ৰহণ কৰাটো এক সৌভাগ্যৰ কথা।
পশ্চিম বংগৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰি তেওঁ কয় যে এইখন শ্ৰী অৰবিন্দো, স্বামী বিবেকানন্দ আৰু শ্ৰীৰামকৃষ্ণ পৰমহমছৰ ভূমি । প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভূমিত যোগ দিৱস উদযাপনৰ বিশেষ তাৎপৰ্য আছে । শ্ৰী অৰোবিন্দোৰ চিন্তাধাৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে শ্ৰী অৰোবিন্দোৱে নিজৰ সমগ্ৰ জীৱন যোগাসনৰ বাবে উৎসৰ্গা কৰিছিল আৰু যোগ সঁচাকৈয়ে মানৱ চেতনাৰ সৈতে সংযোগ স্থাপনৰ এক পথ ।
প্ৰধানমন্ত্ৰীয়ে কলকাতাৰ নাগৰিকসকলকো প্ৰশংসা কৰে। যোগ দিৱস উদযাপনৰ বাবে মহানগৰবাসীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা, শৃংখলা বজাই ৰখা, আৰু নাগৰিক কৰ্তব্য পালন কৰাত কঠোৰ পৰিশ্ৰম কৰা বুলিও কয়। তেওঁ কয় যে নাগৰিকসকলৰ এই উৎসাহ আৰু সহযোগিতা প্ৰশংসনীয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যোগ কেৱল এদিনীয়া অনুষ্ঠানতে সীমাবদ্ধ থাকিব নালাগে; ইয়াক দৈনন্দিন জীৱনৰ অবিচ্ছেদ্য অংশ হিচাপে গঢ়ি তুলিব লাগিব । তেওঁ কয় যে যোগে সুস্থ জীৱন যাপন কৰাত সহায় কৰে আৰু মানসিক আৰু শাৰীৰিক দুয়োটা স্বাস্থ্য বজাই ৰখাৰ পথ দেখুৱায়। যোগে জীৱনশৈলীত ভাৰসাম্য আনে আৰু বয়স বৃদ্ধি হোৱাৰ পিছতো মানুহক শক্তিশালী কৰি ৰাখে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভগৱান কৃষ্ণই গীতাত যোগৰ গুৰুত্বৰ কথাও উল্লেখ কৰিছে । সমাজ সুস্থ হ’লে দেশো সুস্থ হৈ উঠিব বুলিও তেওঁ কয়।
প্ৰধানমন্ত্ৰীৰ ভাষণৰ পিছতে ৰেড ৰোডত গণ যোগাভ্যাস আৰম্ভ হয় । ইফালে মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আদৰণি জনাই কয় যে পশ্চিম বংগত যোগৰ এক দীঘলীয়া পৰম্পৰা আছে৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিয়ে ৰাজ্যত যোগ দিৱস উদযাপন ঐতিহাসিক কৰি তুলিছে । মুখ্যমন্ত্রী শুভেন্দু অধিকাৰী কয় যে দীৰ্ঘদিন ধৰি পশ্চিম বংগত যোগ দিৱস সন্দর্ভত চৰকাৰী পর্যায়ত বিশেষ পদক্ষেপ নাছিল যদিও এতিয়া ৰাজ্যত যোগৰ প্রতি উৎসাহ বাঢ়িছে ৷
মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্ব আৰু সিদ্ধান্তৰ বাবে পশ্চিমবংগত এনে বৃহৎ যোগ দিৱসৰ অনুষ্ঠান সম্ভৱ হৈ উঠিছিল। ৰেড ৰোডত অনুষ্ঠিত যোগ কাৰ্যসূচীত ২ লাখ ৫৭ হাজাৰ লোকে পঞ্জীয়ন কৰা বুলি দাবী কৰে। যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।
ৰেড ৰোডৰ মূল যোগাসন কাৰ্যসূচী পুৱা প্ৰায় ৬:৩০ বজাৰ পৰা আৰম্ভ হয়। প্ৰায় ৩৫,০০০ লোকে প্ৰধানমন্ত্ৰীৰ লগত যোগাসন কৰাৰ ব্যৱস্থা কৰা হৈছিল। অংশগ্ৰহণকাৰীসকলক পুৱা ৬:১৫ বজাৰ ভিতৰত সভাস্থলীত প্ৰৱেশ কৰিবলৈ নিৰ্দেশ দিয়া হয়। পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ৰেড ৰোডত আহিবলৈ আৰম্ভ কৰে।
যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলৰ সুবিধাৰ্থে দেওবাৰে পুৱাৰ ভাগত পুনৰ কলকাতা মেট্ৰ’ সেৱা আৰম্ভ কৰা হয়। ব্লু লাইন আৰু গ্ৰীণ লাইনকে ধৰি সকলো মেট্ৰ’ লাইনতে সেৱা আৰম্ভ হয় পুৱা ৪ বজাৰ কিছু সময়ৰ পিছতে যাতে দুৰ্গম অঞ্চলৰ পৰা অংশগ্ৰহণকাৰীসকলে সময়মতে ৰেড ৰোডত উপনীত হ’ব পাৰে।
প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰেড ৰোড আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত বহুস্তৰীয় নিৰাপত্তাৰ ব্যৱস্থা কৰা হয়। বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়। যান-বাহন সুচাৰুৰূপে ৰখাৰ বাবেও বিশেষ ব্যৱস্থা কৰা হৈছিল। সভাস্থলীত নিৰ্ধাৰিত প্ৰৱেশৰ সময় আৰু নিৰাপত্তা পৰীক্ষা স্থাপন কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে ৰেড ৰোডত অনুষ্ঠিত এই অনুষ্ঠানটোৱে পশ্চিম বংগৰ বাবে বিশেষ তাৎপৰ্য বহন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতি, সহস্ৰাধিক লোকৰ অংশগ্ৰহণ, আৰু ব্যাপক প্ৰশাসনিক প্ৰস্তুতিৰ মাজতে কলকাতাত যোগ দিৱসৰ মূল অনুষ্ঠানৰ সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ