সৰুৰে পৰা যোগাসন গ্ৰহণ কৰিলে সৰ্বাধিক লাভ হয়: উপ-ৰাষ্ট্ৰপতি
নতুন দিল্লী, ২১ জুন (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কয় যে যোগ ভাৰতৰ এক চিৰন্তন আৰু প্ৰাচীন পৰম্পৰা, যিয়ে শৰীৰ, মন, আৰু আত্মাক সম্পূৰ্ণ সমন্বয় কঢ়িয়াই আনে। যোগৰ প্ৰকৃত শক্তি ইয়াৰ সামগ্ৰিক দৃষ্টিভংগীত নি
उपराष्ट्रपति सीपी राधाकृष्णन (फाइल फोटो )


নতুন দিল্লী, ২১ জুন (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে কয় যে যোগ ভাৰতৰ এক চিৰন্তন আৰু প্ৰাচীন পৰম্পৰা, যিয়ে শৰীৰ, মন, আৰু আত্মাক সম্পূৰ্ণ সমন্বয় কঢ়িয়াই আনে। যোগৰ প্ৰকৃত শক্তি ইয়াৰ সামগ্ৰিক দৃষ্টিভংগীত নিহিত হৈ আছে, যিয়ে শাৰীৰিক স্বাস্থ্যৰ লগতে আৱেগিক ভাৰসাম্য, মানসিক সুস্থতা, আৰু সামাজিক নিয়োজিততাক প্ৰসাৰিত কৰে। মানুহক সৰুৰে পৰাই যোগাসন গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব লাগে, কিয়নো যিমানেই সোনকালে আৰম্ভ হয় সিমানেই গোটেই জীৱনত সঞ্চিত লাভ বেছি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ইংৰাজী কাকত এখনত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে লিখা এটা লেখা শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যকৰ বয়স বৃদ্ধিৰ বাবে যোগ: দুবছৰৰ জীৱন সংযোজন শীৰ্ষক লেখাটো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ইয়াক পঢ়িবলৈ আহ্বান জনায় আৰু মানৱ মংগলৰ ওপৰত যোগাসনৰ গভীৰ প্ৰভাৱৰ প্ৰশংসা কৰে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰবন্ধটোত আধুনিক শিক্ষা আৰু স্বাস্থ্য নীতিৰ বিষয়েও বিশেষভাৱে উল্লেখ কৰে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ য়েও যোগাসনক স্বাস্থ্য, সুস্থতা, আৰু মূল্যভিত্তিক শিক্ষাৰ এক অবিচ্ছেদ্য অংগ হিচাপে বিশিষ্টভাৱে স্থান দিছে, যিটো এই প্ৰাচীন প্ৰথাৰ সৈতে যুৱক-যুৱতীসকলক সংযোগ কৰাৰ দিশত এক ইতিবাচক পদক্ষেপ।

বয়স বৃদ্ধিৰ লগে লগে অহা শাৰীৰিক আৰু মানসিক প্ৰত্যাহ্বানৰ এক শক্তিশালী সমাধান হিচাপে যোগক বৰ্ণনা কৰি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে চিকিৎসা গৱেষণা আৰু দ্য লেন্সেটৰ দৰে আগশাৰীৰ আলোচনীত কৰা অধ্যয়নে প্ৰমাণ কৰিছে যে নিয়মীয়া যোগাভ্যাসে জ্যেষ্ঠ নাগৰিকসকলৰ ভাৰসাম্য, নমনীয়তা, আৰু গতিশীলতা যথেষ্ট উন্নত কৰে, যাৰ ফলত তেওঁলোকৰ পতনৰ আশংকা আৰু ভয় বহু পৰিমাণে হ্ৰাস পায়। তেওঁ ব্যক্তি, সমাজ, আৰু প্ৰতিষ্ঠানসমূহক যোগক কেৱল মাজে মাজে ব্যায়াম নহয়, আজীৱন সুস্থ জীৱনশৈলী আৰু সাংস্কৃতিক অনুশীলন হিচাপে আকোৱালি ল'বলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande