ইউক্ৰেইনৰ বেলাৰুছক সকীয়নী: বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আঁতৰাওক নহ’লে ব্যৱস্থা গ্ৰহণৰ সন্মুখীন হওক
কিয়েভ/মিনস্ক, ২১ জুন (হি.স.)। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে বেলাৰুছক সকীয়াই দিছে যে যদিহে তেওঁলোকে এসপ্তাহৰ ভিতৰত নিজৰ দক্ষিণ সীমান্তত নিয়োজিত বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু আনুষংগিক সামৰিক সঁজুলি আঁতৰাই নিদিয়ে তেন্তে ইউক্ৰেইনে সামৰিক
प्रतिकात्मक


কিয়েভ/মিনস্ক, ২১ জুন (হি.স.)। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে বেলাৰুছক সকীয়াই দিছে যে যদিহে তেওঁলোকে এসপ্তাহৰ ভিতৰত নিজৰ দক্ষিণ সীমান্তত নিয়োজিত বায়ু প্ৰতিৰক্ষা ৰাডাৰ আৰু আনুষংগিক সামৰিক সঁজুলি আঁতৰাই নিদিয়ে তেন্তে ইউক্ৰেইনে সামৰিক ব্যৱস্থা গ্ৰহণৰ কথা চিন্তা কৰিব পাৰে।

ৰাছিয়াৰ চৰকাৰী নিয়ন্ত্ৰিত আন্তঃৰাষ্ট্ৰীয় বাতৰি টেলিভিছন নেটৱৰ্ক ৰাছিয়া টুডে (আৰ টি)ৰ মতে, কিয়ভত অনুষ্ঠিত এক সংবাদমেলত জেলেনস্কিয়ে কয় যে বেলাৰুছে নিজৰ শান্তিপূৰ্ণ উদ্দেশ্য প্ৰমাণ কৰিবলৈ সীমান্ত অঞ্চলৰ পৰা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু ৰিলে ট্ৰেন্সমিটাৰ আঁতৰাই পেলাব লাগে। তেওঁ কয় যে তেনে কৰিবলৈ এসপ্তাহ যথেষ্ট সময়, আৰু যদি মিনস্কে তেনে নকৰে তেন্তে ইউক্ৰেইনে নিজেই ব্যৱস্থা ল’ব।

শেহতীয়াকৈ ৰাছিয়াৰ ব্ৰাইয়ানস্ক অঞ্চলত শিশু ফুটবল দল কঢ়িয়াই অনা এখন বাছত ড্ৰ’নে আক্ৰমণ চলোৱাৰ সময়তে এই বক্তব্য প্ৰকাশ কৰিছে। কেইবাটাও শিশু আহত হোৱাৰ লগতে এগৰাকী মহিলাৰ মৃত্যু হয়। বেলাৰুছে এই আক্ৰমণক গৰিহণা দি ইয়াক এক প্ৰৰোচনামূলক কাৰ্য বুলি অভিহিত কৰিছে। অৱশ্যে ইউক্ৰেইনৰ এই আক্ৰমণত কোনো ধৰণৰ জড়িততা অস্বীকাৰ কৰিছে।

বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে শেহতীয়াকৈ কয় যে তেওঁৰ দেশখনে কোনো সামৰিক সংঘাতত লিপ্ত হ’ব বিচৰা নাই আৰু কোনো চুবুৰীয়া দেশৰ বাবে কোনো ভাবুকিৰ সৃষ্টি নকৰে। বেলাৰুছক সংঘাতৰ মাজলৈ টানি নিয়াৰ চেষ্টা কৰাসকলে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ’ব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে।

সংবাদমেলৰ সময়ত জেলেনস্কিয়ে বেলাৰুছৰ তেল শোধন উদ্যোগৰ কথাও উল্লেখ কৰি ৰাছিয়াৰ সৈতে শক্তি সহযোগিতা হেঁচাত পৰিব পাৰে বুলি ইংগিত দিয়ে। তেওঁ দাবী কৰে যে বেলাৰুছ ৰাছিয়ালৈ পেট্ৰলিয়াম সামগ্ৰীৰ প্ৰধান যোগানকাৰী দেশসমূহৰ ভিতৰত অন্যতম।

উল্লেখযোগ্য যে ২০২২ চনত ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত আৰম্ভ হোৱাৰ পিছৰে পৰা বেলাৰুছে প্ৰত্যক্ষ সামৰিক জড়িততাৰ পৰা বিৰত আছে। মিনস্কে দুয়োপক্ষক আলোচনা আৰু কূটনৈতিক সমাধানৰ বাবে ধাৰাবাহিকভাৱে আবেদন জনাই আহিছে। বছৰ বছৰ ধৰি বেলাৰুছে ইউক্ৰেইনৰ নাগৰিকক মুক্তিৰ প্ৰস্তাৱ আৰু সম্ভাৱ্য শান্তি আলোচনাকে ধৰি কেইবাটাও মানৱীয় আৰু মধ্যস্থতামূলক পদক্ষেপও গ্ৰহণ কৰিছে।

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande