
ওদালগুৰি ,২১ জুন (হি.স.)। ওদালগুৰি জিলাৰ ৰৌতাত উদযাপন ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।
আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস। সমগ্ৰ বিশ্বত উদযাপন কৰা হৈছে যোগ দিৱস। ব্যতিক্ৰম নহয় ওদালগুৰি জিলাৰ ৰৌতা। ৰৌতাত ট্রিলোচন যোগা, ডেঞ্চ এণ্ড থেৰাপি চেন্টাৰৰ উদ্যোগত দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস |
অঞ্চলটোৰ বহু শিক্ষার্থী, অভিভাৱক, স্থানীয় ৰাইজে ট্রিলোচন যোগা, ডেঞ্চ এণ্ড থেৰাপি চেন্টাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত অংশগ্রহণ কৰে | যোগাভ্যাসে শৰীৰটোক নিৰোগী কৰি ৰখাৰ লগতে মনটোক শান্তি প্ৰদান কৰে । যোগাভ্যাসৰ অন্তত অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলো লোককে এখনকৈ মানপত্র প্রদান কৰে আয়োজক সমিতিয়ে |
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু