
–জে ডি ভ্যান্সে কয় যে অহা দশকত সলনি হ’ব পাৰে পশ্চিম এছিয়াৰ পৰিৱেশ
বাৰ্গেনষ্টক (ছুইজাৰলেণ্ড), ২১ জুন (হি.স.): ছুইজাৰলেণ্ডৰ বাৰ্গেনষ্টকত আমেৰিকা আৰু ইৰাণৰ মাজত এক নতুনকৈ গুৰুত্বপূৰ্ণ আলোচনা আৰম্ভ হৈছে। এই আলোচনাসমূহক পশ্চিম এছিয়াত চলি থকা উত্তেজনা হ্ৰাস আৰু আঞ্চলিক স্থিতিশীলতা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দেখা গৈছে। আলোচনা প্ৰক্ৰিয়াত কাটাৰে সক্ৰিয় ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে কিছুমান প্ৰতিবেদনত অন্যান্য মধ্যস্থতাকাৰী দেশৰ সহযোগিতাৰ কথাও উল্লেখ কৰা হৈছে।
কাটাৰৰ বৈদেশিক মন্ত্ৰালয়ে আশা প্ৰকাশ কৰিছে যে এই আলোচনাই দুয়োখন দেশৰ মাজত বাকী থকা সমস্যাসমূহৰ ব্যাপক আৰু স্থায়ী সমাধানৰ পথ প্ৰশস্ত কৰিব পাৰে। কূটনৈতিক মহলে এই বৈঠকক দীৰ্ঘদিনীয়া মতানৈক্য হ্ৰাস কৰাৰ প্ৰচেষ্টা হিচাপে লৈছে।
আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে আলোচনাক ইতিবাচক আখ্যা দি কয় যে যোৱা কিছু ঘণ্টাত ভাল অগ্ৰগতি হৈছে আৰু দুয়োপক্ষই শান্তি আৰু স্থিতিশীলতাৰ দিশত আগবাঢ়ি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে আমেৰিকাই ভৱিষ্যতৰ পশ্চিম এছিয়াৰ কল্পনা কৰিছে য’ত সহযোগিতা, অৰ্থনৈতিক বৃদ্ধি, আৰু স্থিতিশীলতাক অগ্ৰাধিকাৰ দিয়া হ’ব।
ভেন্সৰ মতে, আমেৰিকাৰ নেতৃত্বই এই অঞ্চলত দীৰ্ঘম্যাদী কূটনৈতিক সমাধানৰ প্ৰচাৰ কৰিব বিচাৰিছে। তেওঁ ইংগিত দিছিল যে অনাগত বছৰবোৰত পশ্চিম এছিয়াৰ ৰাজনৈতিক আৰু কৌশলগত পৰিস্থিতিত যথেষ্ট পৰিৱৰ্তন দেখা যাব পাৰে।
ইফালে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত এক বিবৃতিত ইৰাণৰ সৈতে সম্ভাৱ্য চুক্তি আৰু আঞ্চলিক নিৰাপত্তাজনিত বিষয়ৰ কথা উল্লেখ কৰে। তেওঁ হৰমুজ জলদ্বীপৰ সৈতে জড়িত অৰ্থনৈতিক ব্যৱস্থাৰ সন্দৰ্ভতো নিজৰ মতামত প্ৰকাশ কৰে যদিও বৰ্তমানৰ যুদ্ধবিৰতিৰ সময়ছোৱাত কোনো নতুন শুল্ক আৰোপ কৰাৰ সম্ভাৱনা নুই কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া