নলবাৰীত নীট পৰীক্ষাত তালাচীৰ নামত লগুন খুলি ৰখাক লৈ প্ৰতিক্ৰিয়া
নলবাৰী, ২১ জুন (হি.স.)। নলবাৰীত নীট পৰীক্ষাত তালাচীৰ নামত লগুন খুলি ৰখাক লৈ প্ৰতিক্ৰীয়া। নলবাৰীত নীট পৰীক্ষাৰ নামত আজৱ কাণ্ড। নলবাৰী এম এন চি বালিকা মহাবিদ্যালয়ত ব্ৰাহ্মণ সম্প্ৰদায়ৰ লৰাক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ সময়ত লগুন খুলি ৰখাৰ অভিযোগ। নিয়ম অ
নলবাৰীত নীট পৰীক্ষাত তালাচীৰ নামত লগুন খুলি ৰখাক লৈ প্ৰতিক্ৰিয়া


নলবাৰী, ২১ জুন (হি.স.)। নলবাৰীত নীট পৰীক্ষাত তালাচীৰ নামত লগুন খুলি ৰখাক লৈ প্ৰতিক্ৰীয়া। নলবাৰীত নীট পৰীক্ষাৰ নামত আজৱ কাণ্ড। নলবাৰী এম এন চি বালিকা মহাবিদ্যালয়ত ব্ৰাহ্মণ সম্প্ৰদায়ৰ লৰাক পৰীক্ষা কেন্দ্ৰত প্ৰৱেশৰ সময়ত লগুন খুলি ৰখাৰ অভিযোগ। নিয়ম অনুসৰি লগুন খুলি খোজ কাঢ়িব নোৱাৰে নগুনধাৰী কোনো লোকে । ইয়াৰ পিছতে আৰম্ভ হৈছে প্ৰতিক্ৰিয়া।

পৰীক্ষা গৃহত প্ৰৱেশৰ সময়ত ঘটা এনে কাৰ্যই পৰিক্ষীৰ্থীক মানসিক ভাৱে ভাঙি পেলোৱাৰ অভিযোগ অভিভাৱকৰ। ধৰ্মীয় অনুভূতিত আঘাট হনা এই কাৰ্য মানি লব নোৱাৰি বুলিও উল্লেখ কৰে অভিভাৱকে । আনহাতে অসম ব্ৰাহ্মণ সমাজৰ সহকাৰী সম্পাদক নৱজ্যোতি মিশ্ৰই এই কাৰ্যক গৰিহণা দি উচিত তদন্তৰ দাবী জনাই লগুন খুলিবলৈ বাধ্য কৰোৱা ব্যক্তি গৰাকীৰ বিৰুদ্ধে উচিত ব্যৱস্থা লবলৈ দাবী জনাই। ভৱিষ্যতে এনে ঘটনাৰ যাতে পুণৰাবৃত্তি নহয় তাৰ ব্যৱস্থা লবলৈও চৰকাৰক দাবী জনাই অসম ব্ৰাহ্মণ সমাজৰ সহকাৰী সম্পাদক নৱজ্যোতি মিশ্ৰই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande