নাওশলীয়াৰ নিচামুক্তি কেন্দ্ৰত অমন সোনাৰ নামৰ যুৱক জনৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
ডিব্ৰুগড়, ২১ জুন (হি.স.)। নাওশলীয়াৰ নিচামুক্তি কেন্দ্ৰত অমন সোনাৰ নামৰ যুৱক জনৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ। ধৃত অভিযুক্ত কেইজন হৈছে ক্ৰমে দুলীয়াজানৰ টিংৰাই চাৰিআলি আমগুৰি গাঁৱৰ হেমন্ত শৰ্মা, মাৰ্ঘেৰিটাৰ বৰকোলাই তেলখাদ বস্তিৰ
নাওশলীয়াৰ নিচামুক্তি কেন্দ্ৰত অমন সোনাৰ নামৰ যুৱক জনৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ


ডিব্ৰুগড়, ২১ জুন (হি.স.)। নাওশলীয়াৰ নিচামুক্তি কেন্দ্ৰত অমন সোনাৰ নামৰ যুৱক জনৰ হত্যাকাণ্ডৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ। ধৃত অভিযুক্ত কেইজন হৈছে ক্ৰমে দুলীয়াজানৰ টিংৰাই চাৰিআলি আমগুৰি গাঁৱৰ হেমন্ত শৰ্মা, মাৰ্ঘেৰিটাৰ বৰকোলাই তেলখাদ বস্তিৰ লালাবাহাদুৰ মগৰ আৰু শদিয়াৰ আঠ মাইল অঞ্চলৰ শিৱ থাপা।

জানিব পৰা অনুসৰি নাওশলীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জলী গগৈৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে বিভিন্ন স্থানত অভিযান চলাই আত্মগোপন কৰি থকা অৱস্থাত ধৃত তিনি গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ আৰক্ষীয়ে ধৃত তিনি গৰাকীক ডিব্ৰুগড় আদালতলৈ প্ৰেৰণ কৰে । সমগ্ৰ ঘটনাটোৰ মূল অভিযুক্ত সন্তোষ লিম্বুৰ লগতে অন্য কেইবা গৰাকী পলাতক অৱস্থাত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande