পৰ্বতঝোৰাৰ ৰামশৰবৰ গাঁৱত বন্যহস্তীৰ উপদ্ৰপ
পৰ্বতঝোৰাৰ ৰামশৰবৰ গাঁৱত বন্যহস্তীৰ উপদ্ৰপ।
পৰ্বতঝোৰাৰ ৰামশৰবৰ গাঁৱত বন্যহস্তীৰ উপদ্ৰপ


কোকৰাঝাৰ, ২১ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ ৰামশৰবৰ গাঁৱত বন্যহস্তীৰ উপদ্ৰপ চলিব ধৰিছে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰে বন্যহস্তীৰ জাক ।

বন্যহস্তীৰ জাকটোৱে গাঁৱত যোৱা কালি শনিবাৰে নিশা প্ৰৱেশ কৰি কেইবাটাও বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে গছ গছনিৰ বিস্তৰ বিস্তৰ ক্ষতি সাধন কৰে । বন বিভাগৰ গুৰুত্বহীনতাৰ বাবে বন্যহস্তীয়ে প্ৰতিটো নিশাই সাধাৰণ ৰাইজৰ অনিষ্ট কৰিছে বুলি অভিযোগ কৰিছে ৰাইজে । বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ গঞা ৰাইজে । স্থানীয় ৰাইজে বন্যহস্তীৰজাকটোক খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও আতংকত নিদ্ৰা হৰণ হৈছে গাঁওবাসীৰ।

উল্লেখ্য় যে ৰাজ্য়ৰ ওদালগুৰি, বাক্সা, শোণিতপুৰ, তামুলপুৰ, যোৰহাট, গোলাঘাট আদি এলেকাত বনৰীয়া হাতীৰ উপদ্ৰপ অব্য়াহত আছে। হাতী মানুহৰ এই সংঘাটত বিভিন্ন সময়ত বহু সংখ্য়ক লোকে প্ৰাণ হেৰুৱাইছে। সমান্তৰালকৈ বন্য়হস্তীও মৃত্য়ুমুখত পৰিছে। মানুহ আৰু বন্য হস্তীৰ সংঘাত বৃদ্ধি পোৱাৰ মূল কাৰণ হ'ল জনসংখ্যা বৃদ্ধিৰ ফলত বনাঞ্চল ধ্বংস হোৱা, যাৰ বাবে হাতীয়ে খাদ্য আৰু বাসস্থানৰ সন্ধানত জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহি খেতি পথাৰ আৰু ঘৰ-বাৰী ধ্বংস কৰে, যাৰ ফলত মানুহৰ জীৱনহানি হোৱাৰ লগতে হাতীৰো মৃত্যু ঘটে। এই সংঘাত ৰোধ কৰিবলৈ বনাঞ্চলৰ সুৰক্ষা, হাতীৰ খাদ্যৰ ব্যৱস্থা কৰা, আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজনীয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande