
গুৱাহাটী, ২১ জুন(হি.স.)। বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য অনুসৰি, পৰৱৰ্তী তিনি ঘণ্টাত কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাত ধাৰাষাৰ ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা আছে । এই ২খন জিলাত বিজুলী-ঢেৰেকনিৰে প্ৰচণ্ড শিলাবৃষ্টি হ’ব পাৰে পৰৱৰ্তী তিনিঘণ্টাত। ইয়াৰোপৰি ৰাজ্যৰ অন্যান্য কেইবাঠাইতো হ’ব পাৰে প্ৰচণ্ড বৰষুণ।
দেওবাৰে দুপৰীয়া ১২ বজাত বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী । ৰাজ্যত পৰৱৰ্তী ৩ ঘণ্টাত প্ৰচণ্ড ধুমুহা-বৰষুণৰ আগজাননী প্ৰকাশ কৰিছে কেন্দ্ৰটোৱে ।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ