

মানচেষ্টাৰ (ইংলেণ্ড), ২১ জুন (হি.স.)। ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে ২০২৬ চনৰ মহিলা টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলপথাৰত নামি ইতিহাসৰ সৃষ্টি কৰে। তাৎপৰ্যপূৰ্ণভাৱে কোনো পুৰুষ বা মহিলা ক্ৰিকেটাৰে এই কৃতিত্ব অৰ্জন কৰিব পৰা নাছিল।
দেওবাৰে মানচেষ্টাৰৰ এমিৰেটছ অল্ড ট্ৰেফৰ্ড খেলপথাৰত টছৰ বাবে উপস্থিত হোৱাৰ লগে লগে তেওঁ এই ঐতিহাসিক অভিলেখ অৰ্জন কৰে। এই বিশেষ অনুষ্ঠানটো উপলক্ষে হৰমনপ্ৰীত কৌৰক বিশেষ জাৰ্চি আৰু টুপী প্ৰদান কৰা হয়।
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ছ’চিয়েল মিডিয়াত লিখিছে- “সন্মান, প্ৰেম আৰু বহু স্মৃতি।” উপ-অধিনায়ক স্মৃতি মান্ধনা আৰু মুখ্য প্ৰশিক্ষক আমোল মজুমদাৰে হৰমনপ্ৰীত কৌৰক সমগ্ৰ দলৰ স্বাক্ষৰিত বিশেষ ‘২০০’ জাৰ্চি আৰু টুপী প্ৰদান কৰে।
টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক মেচ খেলা খেলুৱৈৰ তালিকাত হৰমনপ্ৰীতৰ পিছতে আছে নিউজিলেণ্ডৰ কিংবদন্তি বেটছমেন ছুজি বেটছ, যিয়ে ১৮৪খন মেচ খেলিছে। ইফালে পুৰুষ ক্ৰিকেটত ভাৰতৰ হৈ সৰ্বাধিক টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলাৰ অভিলেখ আছে ১৫৯খন খেলত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ।
হৰমনপ্ৰীত কৌৰৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ তাৰকাময়। এই মেচখনৰ পূৰ্বে তেওঁ ১৯৯খন মেচত ৪,১২৩ ৰান সংগ্ৰহ কৰিছিল, য’ত আছিল এটা শতক আৰু ১৭টা অৰ্ধশতক। এতিয়া ২০০ সংখ্যক মেচৰ জৰিয়তে তেওঁৰ বিখ্যাত কেৰিয়াৰত আন এক ঐতিহাসিক অধ্যায় সংযোজন কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া