উত্তৰ কোৰিয়াৰ পাৰমাণৱিক সমস্যাটো পৃথক ধৰণে সমাধান কৰিব লাগিবঃ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি
ছিউল, ২১ জুন (হি.স.)। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙে কয় যে জি-৭ সন্মিলনৰ সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক স্পষ্টভাৱে কৈছিল যে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক সমস্যাটো আন আন্তঃৰাষ্ট্ৰীয় সংকটৰ দৰে সমাধান কৰিব নোৱাৰি। ফ্ৰান্সৰ ইভিয়
दक्षिण कोरिया के राष्ट्रपति ली जे-म्युंग   (फाइल फाेटाे)


ছিউল, ২১ জুন (হি.স.)। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুঙে কয় যে জি-৭ সন্মিলনৰ সময়ত তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক স্পষ্টভাৱে কৈছিল যে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক সমস্যাটো আন আন্তঃৰাষ্ট্ৰীয় সংকটৰ দৰে সমাধান কৰিব নোৱাৰি। ফ্ৰান্সৰ ইভিয়ান-লেছ-বেইনছত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ সময়ত উত্তৰ কোৰিয়াৰ পাৰমাণৱিক কাৰ্যসূচীয়ে দুয়োগৰাকী নেতাৰ মাজত আলোচনাৰ এক মূল বিষয় আছিল।

দক্ষিণ কোৰিয়াৰ য়নহাপ সংবাদ সংস্থাৰ মতে, ১০ দিনীয়া ইউৰোপ ভ্ৰমণৰ পিছত এখন সংবাদমেলত লীয়ে কয় যে উত্তৰ কোৰিয়াই পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ পূৰ্বে এই সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবে ট্ৰাম্পে দুখ প্ৰকাশ কৰিছে। ইয়াৰ উত্তৰত লীয়ে কয় যে কোৰিয়া উপদ্বীপৰ পৰিস্থিতি অন্যান্য অঞ্চল যেনে মধ্যপ্ৰাচ্যতকৈ পৃথক আৰু ইয়াৰ বাবে এক অনন্য কৌশলৰ প্ৰয়োজন।

লীয়ে ট্ৰাম্পৰ বাবে পৰ্যায়ক্ৰমে সমাধানৰ প্ৰস্তাৱ আগবঢ়ায়, প্ৰথমে উত্তৰ কোৰিয়াৰ পাৰমাণৱিক উৎপাদন বন্ধ কৰি তাৰ পিছত বৰ্তমানৰ পাৰমাণৱিক সামগ্ৰীসমূহ ঘূৰাই পঠিয়ায়। তেওঁ কয় যে দীৰ্ঘম্যাদী লক্ষ্য সম্পূৰ্ণ পাৰমাণৱিক বিচ্ছিন্নকৰণ হ’ব লাগে, কিন্তু তাৰ পূৰ্বে ব্যৱহাৰিক, হ্ৰস্বম্যাদী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

ৰাষ্ট্ৰপতিগৰাকীৰ মতে, ট্ৰাম্পে এই প্ৰস্তাৱক সম্ভাৱ্য বিকল্প বুলি অভিহিত কৰি বিবেচনা কৰিব বুলি কয়। লীয়ে লগতে কয় যে উত্তৰ কোৰিয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ অভাৱত আমেৰিকাৰ ৰাষ্ট্ৰপতি চিন্তিত যেন দেখা গৈছে।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ কোৰিয়াৰ সৈতে ভগ্ন আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে তেওঁৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি পুনৰ কয় যদিও দুয়োখন দেশৰ মাজত দীৰ্ঘদিন ধৰি উত্তেজনা অব্যাহত থকাৰ সম্ভাৱনা আছে। তেওঁ কয় যে উত্তৰ কোৰিয়াই নিজৰ নিৰাপত্তাৰ বাবে আমেৰিকাক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে আৰু সেয়েহে আমেৰিকা আৰু পিয়ংইয়াঙৰ মাজত আলোচনা আগবঢ়াই নিয়াত ছিউলে সহযোগিতা আগবঢ়াব।

এই ভ্ৰমণৰ সময়ত লীয়ে ভেটিকানত পোপ চতুৰ্দশ লিঅ’ৰ সৈতেও সাক্ষাৎ কৰে। অহা বছৰ দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পোপক আমন্ত্ৰণ জনাই উত্তৰ কোৰিয়া আৰু দুয়োখন কোৰিয়াৰ মাজত থকা বিসামৰিক অঞ্চল (ডিএমজেড) ভ্ৰমণ কৰিবলৈ অনুৰোধ জনায়।

লীৰ মতে, পোপে তেওঁক আশ্বাস দিছিল যে তেওঁ এই প্ৰস্তাৱৰ ওপৰত গুৰুত্বসহকাৰে বিবেচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে পোপৰ দক্ষিণ কোৰিয়া আৰু কোৰিয়া উপদ্বীপত শান্তিৰ প্ৰচেষ্টাৰ প্ৰতি বিশেষ আগ্ৰহ আছে।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিয়ে এইটোও উল্লেখ কৰে যে তেওঁলোকৰ কথা-বতৰাৰ সময়ত পোপে ধেমালিতে মন্তব্য কৰিছিল যে তেওঁ চেমচাঙৰ ঘড়ী আৰু মোবাইল ফোন আৰু হুণ্ডাই গাড়ী ব্যৱহাৰ কৰে।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande