

কামৰূপ, ২১ জুন (হি.স.)। আজি দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। কাহিলীপুৱাতে সেয়ে সোণাপুৰৰ এলনাইপ (LNIPE)ত যোগ সাধনত ব্যস্ত হৈ পৰিল বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । সহযোগ আগবঢ়ালে ডিমৰীয়া সমষ্টিৰ বিধায়ক ড০ তপন দাসৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়া আৰু ডিমৰীয়াৰ সহস্ৰাধিক পঞ্চায়ত প্ৰতিনিধিয়ে ।
সুস্থ বাৰ্ধক্যৰ বাবে যোগাভ্যাস শীৰ্ষক বাণীৰে পালিত হোৱা এইবৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ৰাজ্যজুৰি আত্মসহায়ক গোটৰ প্ৰায় ৩২ লাখ আই-মাতৃক জড়িত কৰাৰ প্ৰয়াস কৰা হৈছে বুলি উল্লেখ কৰে বন আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মন-শৰীৰ আৰু আত্মা একত্ৰিত কৰাৰ এক বৈজ্ঞানিক পদ্ধতি হিচাপে যোগক অৱলম্বন কৰাত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনায় উপস্থিত বিশিষ্ট ব্যক্তিসকলে।
ইয়াৰ মাজতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাত অংশগ্ৰহণ কৰা যোগ দিৱসৰ কাৰ্যসূচী ভাৰ্চুৱেলী উপভোগ কৰে উপস্থিত ব্যক্তিসকলে ।
হিন্দুস্থান সমাচাৰ / Narayan Kar