কলগাছিয়াত আই পি এল জুৱাৰী আটক
বৰপেটা , ২১ জুন (হি.স.)। কলগাছিয়াত আই পি এল জুৱাৰী আটক। আই পি এল জুৱাৰ লগত জড়িত থকা আব্দুল লতিফ নামৰ জুৱাৰীক বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে কলগাছিয়া আৰক্ষীয়ে। বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ পৰা কলগাছিয়া আৰক্ষী থান
কলগাছিয়াত আই পি এল জুৱাৰী আটক


বৰপেটা , ২১ জুন (হি.স.)। কলগাছিয়াত আই পি এল জুৱাৰী আটক। আই পি এল জুৱাৰ লগত জড়িত থকা আব্দুল লতিফ নামৰ জুৱাৰীক বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে কলগাছিয়া আৰক্ষীয়ে।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত হালধীয়া গাঁৱৰ পৰা কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ হালৈৰ নেতৃত্বত এক গোপন অভিযান চলাই আই পি এল জুৱাৰ লগত জড়িত থকা কুখ্যাত জুৱাৰী আব্দুল লতিফ (৪০) ক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জুৱাৰী জনে আই পি এল খেল চলি থকা সময়ত আই পি এল জুৱাৰ আইডিৰ জড়িয়তে জুৱা খেল চলাই অঞ্চলটোৰ যুৱ প্ৰজন্মৰ পৰা লাখ লাখ টকা লুট কৰিছিল। ফলত ধ্বংসৰ পথলৈ গতি কৰিছে যুৱক সকল। কুখ্যাত জুৱাৰীজন হালধীয়া গাঁৱৰ নুৰ হুছেইনৰ পুত্ৰ বুলি জানিব পৰা গৈছে। আই পি এল খেল শেষ হোৱাৰ পিছৰে পৰাই জুৱাৰী আব্দুল লতিফ পলাই ফুৰিছিল যদিও শনিবাৰে কলগাছিয়া আৰক্ষীয়ে গোপন অভিযানৰ ভিত্তিত বৰপেটা ৰোডৰ পৰা গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি আৰক্ষীয়ে Case No. 54/2026 U/S 318(4)/316(2) BNS R/W Section 14 of AGB Act. যোগে গোচৰ ৰুজু কৰি জুৱাৰীজনক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande