সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান
গোলাঘাট, ২১ জুন (হি.স.)। সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান।হেমকোষ অভিধান প্ৰদানেৰে বিশেষ অভিনন্দন অনুষ্ঠান ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ। অসমীয়া ভাষা আৰু শব্দৰ প্ৰসাৰ তথা নৱপ্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ এক ব্যতিক্ৰমী
সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান


গোলাঘাট, ২১ জুন (হি.স.)। সৰুপথাৰত চুতীয়া ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান।হেমকোষ অভিধান প্ৰদানেৰে বিশেষ অভিনন্দন অনুষ্ঠান ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ। অসমীয়া ভাষা আৰু শব্দৰ প্ৰসাৰ তথা নৱপ্ৰজন্মক সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰাৰ এক ব্যতিক্ৰমী প্ৰয়াস দেখা গ'ল সৰুপথাৰত।

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সৰুপথাৰৰ ৰংঘৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত কেৱল গামোচা আৰু সম্বৰ্ধনা পত্ৰতে সীমাবদ্ধ নাথাকি ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে ছাত্ৰ সন্থাই।প্ৰায় ৩০০ গৰাকী কৃতি শিক্ষাৰ্থীক গামোচা, স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰ লগতে অসমীয়া ভাষাৰ অভিধানখনেৰে সন্মানিত কৰা উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্রহণ কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে। এই কাৰ্যসূচীয়ে কেৱল ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাই নহয়, বৰঞ্চ জাতীয় ভাষা আৰু সাহিত্যৰ প্ৰতি দায়বদ্ধতাৰো এক অনন্য নিদৰ্শন দাঙি ধৰিছে। হাতত একোখনকৈ “হেমকোষ “ লৈ ছাত্ৰ ছাত্ৰী সকল উৎসাহিত হৈছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande