চকলং প্ৰথাৰে সৰুপথাৰত অনুষ্ঠিত হৈছে ভেকুলিৰ বিয়া, সৰুপথাৰত এইবাৰো খৰাং
গোলাঘাট, ২১ জুন (হি.স.)। চকলং প্ৰথাৰে সৰুপথাৰত অনুষ্ঠিত হৈছে ভেকুলিৰ বিয়া।সৰুপথাৰত এইবাৰো খৰাং। সৰুপথাৰৰ নগাজৰি খনিকৰ গাঁৱত ৰাইজ মিলি অনুষ্ঠিত কৰিল ভেকুলি বিয়া। দৰাত নাম ভেকুলা শৰ্মা আৰু কইনাৰ নাম ভেকুলা লাহন। পূৰ্বৰ লোকবিশ্বাস অনুসৰি বৰষুণৰ বাবে
চকলং প্ৰথাৰে সৰুপথাৰত অনুষ্ঠিত হৈছে ভেকুলিৰ বিয়া, সৰুপথাৰত এইবাৰো খৰাং


গোলাঘাট, ২১ জুন (হি.স.)। চকলং প্ৰথাৰে সৰুপথাৰত অনুষ্ঠিত হৈছে ভেকুলিৰ বিয়া।সৰুপথাৰত এইবাৰো খৰাং। সৰুপথাৰৰ নগাজৰি খনিকৰ গাঁৱত ৰাইজ মিলি অনুষ্ঠিত কৰিল ভেকুলি বিয়া। দৰাত নাম ভেকুলা শৰ্মা আৰু কইনাৰ নাম ভেকুলা লাহন। পূৰ্বৰ লোকবিশ্বাস অনুসৰি বৰষুণৰ বাবে ৰাইজে ভেকুলি বিয়া অনুষ্ঠিত কৰে।

সৰুপথাৰত এইবৰ্ষত খেতিয়কে ধান খেতিৰ বাবে কঠিয়া সিঁচিব পৰা নাই। বৰষুণৰ অভাৱত চিৰাল ফাঁট দিছে খেতি পথাৰ। সেয়েহে নগাজৰিৰ ৰাইজে অনুষ্ঠিত কৰিল ভেকুলি বিয়া। অসমীয়া দৰা-কইনাৰ বিবাহৰ ৰীতি-নীতিৰ হুবহু প্ৰকাশ পাইছে ভেকুলিৰ বিয়াত। পানী তোলা, চকলং পৰম্পৰা, বিয়া নাম, যৌতুক প্ৰথা সকলো ৰীতি-নীতিৰে অনুষ্ঠিত হৈছে বিয়া। বৰুণ দেৱতাক প্ৰাৰ্থনা জনোৱাৰ উদ্দেশ্যেৰে ভেকুলি বিবাহ অনুষ্ঠানত নগাজৰি অঞ্চলৰ ৰাইজে উলহ-মালহেৰে আয়োজন কৰিছে।সকলোৰে আশা এজাক বৰষুণ ধৰালৈ নামি আহিব ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande