
নতুন দিল্লী, ২১ জুন (হি.স.)। ছাংহাইত অনুষ্ঠিত হ’বলগীয়া বিশ্বদক্ষতা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি তীব্ৰতৰ কৰি দেওবাৰে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে গ্ল’বেল স্কিলছ চেলেঞ্জ (জিএছচি) ২০২৬ৰ বাবে অষ্ট্ৰেলিয়ালৈ টিম ইণ্ডিয়া প্ৰেৰণ কৰে ২০২৬ চনৰ ২৩ জুন তাৰিখৰ পৰা ২৯ জুনলৈ অনুষ্ঠিত হৈছিল।
দেওবাৰে দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ে কয় যে ৱৰ্ল্ডস্কিলছ অষ্ট্ৰেলিয়াৰ দ্বাৰা আয়োজিত গ্ল’বেল স্কিলছ চেলেঞ্জ হৈছে চীনৰ চাংহাইত অনুষ্ঠিত হোৱা ৪৮ সংখ্যক ৱৰ্ল্ডস্কিলছ প্ৰতিযোগিতাৰ আৰ্হিত আন্তঃৰাষ্ট্ৰীয় মঞ্চ। এই অনুষ্ঠানে অংশগ্ৰহণকাৰী দেশসমূহক তেওঁলোকৰ প্ৰদৰ্শন মূল্যায়ন কৰাত, তেওঁলোকৰ প্ৰস্তুতি পৰীক্ষা কৰাত, আৰু অতি প্ৰতিযোগিতামূলক বিশ্ব পৰিৱেশত তেওঁলোকৰ দক্ষতাক চোকা কৰাত সহায় কৰে। ভাৰতীয় দলটোৱে ১৫টা দক্ষতা শাখাত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিব।
মন্ত্ৰালয়ৰ সম্পাদক দেবাশ্ৰী মুখাৰ্জীয়ে অনুষ্ঠানত উল্লেখ কৰে যে গ্ল’বেল স্কিলছ চেলেঞ্জ ২০২৬ অষ্ট্ৰেলিয়া কেৱল প্ৰতিযোগিতাই নহয়, টিম ইণ্ডিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা লাভ কৰাৰ, নিজৰ দক্ষতা নিখুঁত কৰাৰ, আৰু চাংহাইৰ বাবে প্ৰস্তুতি চলোৱাৰ এক গুৰুত্বপূৰ্ণ সুযোগ। তেওঁ প্ৰতিযোগীসকলক তেওঁলোকৰ বিশেষজ্ঞসকলৰ কথা ভালদৰে শুনিবলৈ, মনোনিৱেশ আৰু অনুশাসিত হৈ থাকিবলৈ, আৰু প্ৰতিটো শিক্ষণৰ সুযোগ সৰ্বাধিক কৰিবলৈ উৎসাহিত কৰে। তেওঁ কয় যে তেওঁলোক সকলোৱেই ইতিমধ্যে দেশৰ বাবে বিজয়ী, আৰু তেওঁলোকৰ যাত্ৰাক লৈ মন্ত্ৰালয়ে অত্যন্ত গৌৰৱান্বিত।
ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণকুমাৰ পিল্লাইয়ে কয় যে ভাৰতৰ দলটোৰ প্ৰতিজন প্ৰাৰ্থীয়ে ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ হ’বলৈ অতি কঠিন আৰু প্ৰতিযোগিতামূলক যাত্ৰাৰ জৰিয়তে এই পদত অৰ্জন কৰিছে। তেওঁ লগতে কয় যে এই গ্ল’বেল স্কিলছ চেলেঞ্জ হৈছে চাংহাই প্ৰতিযোগিতাৰ পূৰ্বে চূড়ান্ত পদক্ষেপ, আৰু এতিয়া অধিক মনোনিৱেশ, অনুশাসন আৰু দৃঢ়তা প্ৰদৰ্শন কৰাৰ সময়। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহত চাংহাইত মঞ্চত থিয় হোৱাৰ মুহূৰ্তটো কল্পনা কৰি সকলো অংশগ্ৰহণকাৰীয়ে নিজৰ প্ৰশিক্ষণৰ ওপৰত আত্মবিশ্বাসী হ’ব আৰু সফলতা লাভ কৰিব।তেওঁ আশ্বাস দিয়ে যে সমগ্ৰ স্কিল ইণ্ডিয়া পৰিয়ালে প্ৰতিটো খোজতে তেওঁলোকৰ সৈতে থিয় দিছে।
এম এছ ডি ইৰ জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টা মনীছা চেনছাৰ্মা আৰু এম এছ ডি ইৰ যুটীয়া সচিব হেনা উছমানৰ লগতে মন্ত্ৰালয় আৰু এন এছ ডি চিৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
এইবাৰ ভাৰতীয় দলটোৱে থ্ৰীডি ডিজিটেল গেম আৰ্ট, এডিটিভ মেনুফেকচাৰিং, অটোম’বাইল টেকন’লজি, বিউটি থেৰাপি, ক্লাউড কম্পিউটিং, গ্রাফিক ডিজাইন টেকন’লজি, হেল্থ এণ্ড ছ’চিয়েল কেয়াৰ, ৰেষ্টুৰেণ্ট চাৰ্ভিচ, আৰু ৱেব টেকন’লজিকে ধৰি মুঠ ১৫টা উন্নত আৰু বৈচিত্ৰময় শাখাত বিশ্বজুৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া