চিকিৎসক হৈ গৌৰৱ কঢ়িয়াই আনিলে গোসাঁইগাঁৱৰ প্ৰিয়া মালু
চিকিৎসক হৈ গৌৰৱ কঢ়িয়াই আনিলে গোসাঁইগাঁৱৰ প্ৰিয়া মালু।
চিকিৎসক হৈ গৌৰৱ কঢ়িয়াই আনিলে গোসাঁইগাঁৱৰ প্ৰিয়া মালু


কোকৰাঝাৰ, ২১ জুন (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমা সদৰ চহৰৰ বাসিন্দা তথা ব্যৱসায়ী জেঠমল মালু আৰু নীলা মালুৰ সুকন্যা প্ৰিয়া মালু এমবিবিএছ উত্তীৰ্ণ হৈ চিকিৎসক হোৱাৰ খবৰে গোসাঁইগাঁৱত আনন্দৰ লহৰ উঠিছে। সৰুৰে পৰা চিকিৎসক হোৱাৰ সপোণ পূৰণ কৰাৰ বাবে মেধাৱী ছাত্ৰী গৰাকীয়ে কঠোৰ অধ্যৱসায়ৰ দ্বাৰা নিজকে চিকিৎসক হিচাপে প্ৰতিপন্ন কৰাত পিতৃ মাতৃৰ লগতে গোসাঁইগাঁৱৰ ৰাইজ গৌৰৱ অনুভৱ কৰিছে।

তেওঁৰ এই সফলতাত গোসাঁইগাঁৱৰ জ্যেষ্ঠ সাংবাদিকৰ দলে মালুৰ বাসগৃহত উপস্থিত হৈ আজি মেধাবী ছাত্ৰী গৰাকীক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে তেঁওৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। পৰৱৰ্তী সময়ত দুখীয়া ৰাইজৰ হৈ সেৱা আগবঢ়াব বুলি উল্লেখ কৰে ডাক্তৰ প্ৰিয়া মালুয়ে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande