
ধুবুৰী, ২১ জুন (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ পৌৰ সভাত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে । চাপৰ পৌৰ সভাৰ পৌৰপতি বিউটি ৰায় আৰু উপ পৌৰপতিক অৰুণ কুমাৰ নাগ ওৰফে মনা নাগক যোৱা কালি শনিবাৰে বিয়লি তিনিদিনৰ ভিতৰত পদত্যাগৰ নিৰ্দেশ দিয়া হৈছে ।
জানিব পৰামতে পাঁচ গৰাকী ৱাৰ্ড আয়ুক্তৰ অনাস্থা প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ ৰাজ্যিক সভাপতিৰ নিৰ্দেশ মৰ্মে জিলা সমিতিৰ এই নিৰ্দেশ। বিলাসীপাৰা জিলা বিজেপিৰ সভাপতি দেৱজিৎ বৰকলিতাই এখন পত্ৰযোগে দিয়ে এই নিৰ্দেশ দিছে । পৌৰপতি বিউটি ৰায় আৰু উপ পৌৰপতি অৰুণ কুমাৰ নাগৰ বিৰুদ্ধে আছে দুৰ্নীতি, অনিয়ম আৰু বিভিন্ন অৰাজকতাৰ অভিযোগ। বিশেষকৈ চাপৰবাসী ৰাইজ অতিষ্ঠ হৈছিল দুয়ো গৰাকীৰ বিৰূদ্ধে। চাপৰবাসী ৰাইজৰ আহ্বানক সন্মান জনাই ৱাৰ্ড আয়ুক্ত সকলে লৈছিল এই সিদ্ধান্ত। এই সিদ্ধান্তক কাৰ্যকৰী কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকিয়া আৰু জিলা বিজেপিৰ সভাপতি দেৱজিৎ বৰকলিতাক ধন্যবাদ জ্ঞাপন কৰে চাপৰবাসী ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ